বিলাসীপাৰাৰ নয়াহাটত ভয়ংকৰ ঘটনা ।
নয়াহাট আৰক্ষী চকীৰ গাতে লাগি থকা ফকিৰাণীৰঝাৰ জল জীৱন মিছন আঁচনিৰ টেংকিত ভিতৰত সোমাই তিনি শ্ৰমিকৰ কৰুন মৃত্যু ।
নিৰ্মীয়মান জল জীৱন আঁচনিৰ কাম কৰি থকা অৱস্থাত তিনি শ্ৰমিক সোমাই পৰে টেংকিৰ ভিতৰত ।
টেংকিৰ ভিতৰত সোমাই পৰা শ্ৰমিক তিনিজন অক্সিজেনৰ অভাৱত পৰে ।
ফলত কৰুন মৃত্যুক সাৱটি লব লগীয়া হয় শ্ৰমিক তিনি জন ।
উল্লেখ্য যে, বিলাসীপাৰা জনস্বাস্থ্য কাৰিকৰী উপ সংমণ্ডলৰ অধীনস্থ নয়াহাট ফকিৰানিৰঝাৰ জল জীৱন মিছন আঁচনিৰ প্ৰকল্প নিৰ্মাণ কৰি আহিছে ।
নিৰ্মীয়মান আঁচনি খনৰ টেংকিৰ ভিতৰত কাম কৰিবলৈ সোমাই যায় তিনিজন কৈ শ্ৰমিক ।
কিন্তু টেংকিটোৰ ভিতৰত সোমাই যোৱা শ্ৰমিক তিনিজনে ভিতৰত অক্সিজেনৰ অভাৱত পৰি অচেতন হৈ পৰে ।
এই ঘটনা পিছতে অঞ্চলটোত এক হাহাকাৰ পৰিস্থিতিৰ সৃষ্টি হয় ।
পিছত ঘটনাস্থলীত বিলাসীপাৰা অগ্নি নিৰ্বাপক বাহিনী উপস্থিত হৈ
স্থানীয় ৰাইজৰ সহযোগত শ্ৰমিক তিনি জনক উদ্ধাৰ কৰে ।
কিন্তু ইয়াৰে দুজন শ্ৰমিকক মৃত অৱস্থাত উদ্ধাৰ কৰে ।আৰু আন এজন শ্ৰমিকক সংকটজনক অৱস্থাত উদ্ধাৰ কৰি বিলাসীপাৰা চিকিৎসালয় লৈ প্ৰেৰন কৰে ।
বিলাসীপাৰা চিকিৎসালয়ত আন শ্ৰমিকৰো মৃত্যু হয় ।
নিহত শ্ৰমিক তিনি জন ক্ৰমে
ছায়েদ আলী, ছাহিদুৰ আলী, আৰু ৰাছিবুল ইছলাম বুলি চিনাক্ত হয় ।এই ঘটনাই সমগ্ৰ অঞ্চলটোত গভীৰ চাঞ্চল্যৰ সৃষ্টি কৰিছে ।
নিৰ্মীয়মান আঁচনি খনৰ ঠিকাদাৰ আৰু বিভাগীয় অভিযন্তাৰ চৰম গাফিলতিৰ বাবে শ্ৰমিক তিনিজনে অকাল মৃত্যুক আঁকোৱালি লোৱা ঘটনাটি ৰাইজে সহজ ভাবে লব পৰা নাই ।
আনহাতে ঠিকাদাৰ অভিযন্তাৰ গাফিলতিত মৃত্যু মুখত পৰা শ্ৰমিক তিনিজনৰ পৰিয়ালক পৰ্য্যাপ্ত পৰিমাণৰ ক্ষতি পুৰন দিবলৈ দাবী তুলিছে ৰাইজে ।
