বিলাসীপাৰাত কৃষক মুক্তি সংগ্ৰাম সমিতি আৰু নাৰী মুক্তি সংগ্ৰাম সমিতিৰ উত্তাল প্ৰতিবাদ।

বিলাসীপাৰাত কৃষক মুক্তি সংগ্ৰাম সমিতি আৰু নাৰী মুক্তি সংগ্ৰাম সমিতিৰ উত্তাল প্ৰতিবাদ। বিলাসীপাৰা মহকুমাধিপতি কাৰ্যালয়ৰ সন্মুখত সংগঠন দুটাই সাব্যস্ত কৰে এই প্ৰতিবাদ। উল্লেখ্য যে বিলাসীপাৰা মহকুমাৰ মহামায়া উন্নয়ন খণ্ডৰ অন্তৰ্গত কদমতলা গাঁৱ পঞ্চায়তত প্ৰধান মন্ত্ৰী আৱাস যোজনাৰ গৃহত ব্যাপক দুৰ্নীতি সংঘটিত হোৱাৰ অভিযোগ উত্থাপন হৈছিল। ইতিমধ্যে উক্ত গাঁৱ পঞ্চায়তখনত PMAY ৰ গৃহত সংঘটিত হোৱা দুৰ্নীতিৰ উচিত তদন্ত বিচাৰি কৃষক মুক্তি সংগ্ৰাম সমিতিয়ে বিলাসীপাৰা মহকুমাধিপতি কাৰ্যালয়ত অভিযোগ দাখিল কৰিছিল যদিও আজিলৈ কোনো সুফল নপোৱাৰ অভিযোগ উঠিছে। যাৰ বাবে আজি ৰাণীগঞ্জ আঞ্চলিক কৃষক মুক্তি সংগ্ৰাম সমিতি আৰু নাৰী মুক্তি সংগ্ৰাম সমিতিয়ে বিলাসীপাৰা মহকুমাধিপতি কাৰ্যালয়ৰ সন্মুখত তীব্ৰ প্ৰতিবাদী কাৰ্যসূচী ৰূপায়ন কৰি মহকুমাধিপতিৰ জৰিয়তে অসমৰ মুখ্য মন্ত্ৰী লৈ এখন স্মাৰক পত্ৰ প্ৰেৰণ কৰে। অতি শীঘ্ৰে উক্ত দুৰ্নীতিৰ উচিত তদন্ত নহলে তীব্ৰ গণতান্ত্ৰিক আন্দোলনৰ হুঙ্কাৰ প্ৰদান কৰে।

By Dipshikha

Leave a Reply

Your email address will not be published. Required fields are marked *