বিধানসভাৰ অধ্যক্ষ বিশ্বজিৎ দৈমাৰীৰ প্ৰশংসনীয় পদক্ষেপ

58

বিধানসভাৰ অধ্যক্ষ বিশ্বজিৎ দৈমাৰীৰ প্ৰসংশনীয় পদক্ষেপ।
ওদালগুৰি জিলাৰ ৬৪ নং পানেৰী বিধানসভা সমষ্টিৰ অন্তৰ্গত ডিমাকুছিৰ ভাৰত-ভূটান সীমান্তৰ কেইবাটাও অঞ্চলত বিধানসভাৰ অধ্যক্ষ বিশ্বজিৎ দৈমাৰীৰ গ্ৰাম্য পথ মেৰামতি। বছৰ-বছৰ ধৰি গ্ৰাম্য পথৰ দুৰৱস্থাই সাধাৰণ জনতাক জ্বলা-কলা খুৱাই আহিছিল। বিগত সময়চোৱাত কোনো জনপ্ৰতিনিধিৰ চকুত পৰা নাছিল পানেৰী বিধানসভা সমষ্টিৰ অন্তৰ্গত ভাৰত-ভূটান সীমান্তৰ গ্ৰাম্য পথৰ দুৰৱস্থা । সাধাৰণ এজাক বৰষুণতে পথৰ দুৰৱস্থাৰ বাবে ৰাইজৰ পানীত হাঁহ নচৰা অৱস্থা হয় । বিদ্যালয়লৈ যাব নোৱাৰে স্কুলীয়া ছাত্ৰ-ছাত্ৰী , পথৰ দুৰৱস্থাৰ বাবে গ্ৰাম্য অঞ্চল সমূহত এম্বুলেন্স যাব নিবিচাৰে , ক্ষুদ্ৰ চাহ খেতিয়কে নিজৰ কেঁচা চাহপাত কঢ়িয়াই নিব নোৱাৰাৰ পৰা আৰম্ভ কৰি বিভিন্ন সমস্যাৰে জৰ্জৰিত হৈ আছিল অঞ্চলবাসী ৰাইজ । পিছে ৰাইজে উপায়ন্তৰ হৈ এইবোৰ সমস্যাৰ কথা অৱগত কৰোৱাত বিধানসভাৰ অধ্যক্ষ বিশ্বজিৎ দৈমাৰীয়ে নিজে গ্ৰাম্য অঞ্চল সমূহত পৰিদৰ্শন কৰি স্থানীয় সমাজকৰ্মী বিজয় বৈশ্যক অতি শীঘ্ৰে গ্ৰাম্য পথ সমূহ মেৰামতি কৰিবলৈ জনায় । সেই মৰ্মে মঙ্গলবাৰে অধ্যক্ষ বিশ্বজিৎ দৈমাৰীয়ে কোনো ধৰণৰ আঁচনি অবিহনে নিজৰ গাঁঠিৰ ধন ভাঙি ৩৩ নং ননৈ চেৰফাং পৰিষদীয় সমষ্টিৰ ৪ নং ৰজাগড়ৰ পথ , গাওঁ বুঢ়া বস্তিৰ পৰা বৰনদী অভয়াৰণ্যলৈ যোৱা পথ , ৰজাগড়ৰ মধ্য চুবুৰীৰ পথ , কপালী বস্তিৰ পথ , ধৰমজুলি জঙ্ঘলৰ পথকে ধৰি কেইবাটাও পথ বিশিষ্ট সমাজকৰ্মী বিজয় বৈশ্যকৰ সহায়ত মেৰামতি কৰি ৰাইজৰ যাতায়তৰ সু-ব্যৱস্থা কৰি দিয়ে। বিধানসভাৰ অধ্যক্ষ বিশ্বজিৎ দৈমাৰীয়ে তৎক্ষাণিক ভাৱে ৰাইজৰ অভাৱ-অভিযোগৰ ওপৰত সহাৰি জনাই আগবঢ়ি অহা বাবে অঞ্চলবাসী ৰাইজে প্ৰসংশা কৰে ।