বিদ্যুত বিভাগৰ ভৃল সিধান্তৰ বাবেই জুইত জাহ গ’ল এখন সপোনৰ ঘৰ ।

বিদ্যুত বিভাগৰ ভৃল সিধান্তৰ বাবেই জুইত জাহ গ’ল এখন সপোনৰ ঘৰ । যোৱা নিশা নাৰায়ণপুৰ ৰাজহ চক্ৰৰ অন্তগত ৰবৰচাপৰিৰ গাৱৰ নিৱাসী মুনিন্দ্ৰ শইকীয়াৰ ঘৰখন সম্পুৰ্ণ বিধ্বংসী জুইয়ে নিমিষতে পুৰি চাই কৰি দিয়ে জুইয়ে পুৰাৰ সময়ত নাছিল ঘৰত কোনো লোক । গাৱৰ ৰাইজে আহি জুই নুমুৱাত উঠি পৰি লাগে যদিও পৰিয়ালটোৰ লক্ষাধিক সম্পত্তি জুইত জাহ্ৰ যায় । অগ্নিনিৰ্বাপক বাহিনীয়ে শেহতীয়াকৈ আহি অগ্নি নিৰ্বাপন কৰিবলৈ সক্ষম হয় । বিদ্যুত বিভাগে কালি ঘৰত কোনো নথকাৰ অৱস্থাত বিদ্যুতৰ সংযোগ বিছিন্ন কৰি যায় । সেই বাবেই ঘৰ খনত থকা অষ্টম মান শ্ৰেণী ছাত্ৰ জনে মম্‌ জ্বলাই পঢ়ি আছিল । পিছত ছাত্ৰ জনো ঘৰৰ পৰা কাষৰ মানুহ এঘৰলৈ যায় আৰু সেই সময়তে ঘৰখন জ্বলি থকা ওচৰ চুবুৰীয়াই প্ৰত্যক্ষ কৰে ।ঘৰত কোনো নথকাত বিদ্যুত সংযোগ কটাৰ বাবে স্থানীয় ৰাইজে বিদ্যুত বিভাগক জগৰীয়া কৰে ।

By Dipshikha

Leave a Reply

Your email address will not be published. Required fields are marked *