বিজেপি কৰ্মীক প্ৰাণ নাশৰ ভাবুকি চৰকাৰী গাওবুঢ়াৰ

বিজেপি কৰ্মীক প্ৰাণ নাশৰ ভাবুকি চৰকাৰী গাওবুঢ়াৰ
গোন্ডাগিৰিৰে দুৰ্নীতিক গাপ দিয়াৰ চেষ্টা কংগ্ৰেছী পঞ্চায়ত সভানেত্ৰীৰ পৰিয়াল আৰু পঞ্চায়ত সচিবৰ

শেহতীয়াকৈ মৰিগাঁও জিলাৰ মৈৰাবাৰী উন্নয়ন খন্ডৰ অন্তৰ্গত গৰিয়াবৰী গাওঁ পঞ্চায়তৰ দুৰ্নীতিৰ অভিযোগে ব্যাপক চাঞ্চল্যৰ সৃষ্টি কৰিছে বৃহত্তৰ মৈৰাবাৰী অঞ্চলখনত।
দিনদুপৰতে এগৰাকী চৰকাৰী গাওবুঢ়াই দৰমহাৰ টকাৰে পেট নভৰাত নামি পৰিছে বিভিন্ন কৌশল অৱলম্বনৰে ব্যাপক অনিয়মত।
অভিযোগ মতে চৰকাৰী গাওবুঢ়া হিচাপে নিৰপেক্ষ দায়ীত্ব আৰু কৰ্তব্যক জলাঞ্জলি দি এইবাৰ দুৰ্নীতিৰ বিৰুদ্ধে মাত মতা বিজেপি কৰ্মীকে আক্ৰমণৰ টাৰ্গেটত নামি পৰিছে লাহৰীঘাট ৰাজহ চক্ৰৰ অন্তৰ্গত গৰিয়াবৰী গাঁওৰ গাওবুঢ়া আনোৱাৰ হুছেইনে।
বিজেপি কৰ্মীৰ অভিযোগ অনুসৰি গাওবুঢ়াই নিজ ভাই বোৱাৰী কংগ্ৰেছী সভানেত্ৰীৰ ক্ষমতা দেখুৱাই চলাই গৈছে বিভিন্ন সময়ত বিভিন্ন কু-কীৰ্তিৰ কৰ্মকাণ্ড।
কেতিয়াবা যদি গাওবুঢ়া, কেতিয়াবা গাওঁৰক্ষী বাহিনীৰ পদবীধাৰী, কেতিয়াবা সমবায় সমিতিৰ নিৰ্বাচিত সদস্য আৰু কেতিয়াবা স্বয়ম্ভু গৰিয়াবৰী গাও পঞ্চায়তৰ সভাপতি হিচাপে ক্ষমতাৰ খকত নানা অপকৰ্মত লিপ্ত হয় বুলি অভিযোগ তুলিছে বিজেপি কৰ্মী গৰাকীয়ে।
কেৱল‌এয়াই নহয় গৰিয়াবৰী পঞ্চায়তৰ বিভিন্ন চৰকাৰী আঁচনি সমূহত কেতিয়াবা চেয়াৰপাৰ্চেন হৈ ব্যাপক অনিয়ম সংঘটিতৰে দুৰ্নীতিৰ পাহাৰ গঢ়িছে বুলিও অভিযোগ তোলে ।
এতিয়া প্ৰশ্ন হয় ৰক্ষকে যেতিয়া ভক্ষণ হয়, তেতিয়া সৰ্বসাধাৰণ ৰাইজে কেনেকৈ ন্যায় পাব?
গৰিয়াবৰী গাওৰ চৰকাৰী গাওবুঢ়া আনোৱাৰ হুছেইনে একেলগে একাধিক পদবীত অধিষ্ঠিত ভোগ দখলত সুবাধতে অনিয়মৰে দায়ীত্ব লৈ চৰকাৰী ধন অপচয় আৰু দুৰ্নীতিৰ কৰাৰ বিৰুদ্ধে মৰিগাঁও জিলা প্ৰশাসন তথা চৰকাৰে কিদৰে ব্যৱস্থা লয় সেয়া এক লক্ষণীয় বিষয় হৈ পৰিছে।
নে ৰহস্যজনকভাৱে চৰকাৰী গাওবুঢ়া আনোৱাৰ হুছেইনৰ এনে দুৰ্নীতি আৰু গোন্ডাগিৰীৰ আৰত লুকাই আছে বহু ৰৌ ভৰালী, সেয়া পৰৱৰ্তী সম‌য়ত লক্ষণীয় হব।

By Dipshikha

Leave a Reply

Your email address will not be published. Required fields are marked *