বিজনীৰ ১ নং দংশীয়াপাৰাত চিলিণ্ডাৰ বিস্ফোৰণ। চাৰিটা গৃহ সম্পূৰ্ণৰূপে ভস্মীভূত।
বিস্ফোৰণত গুৰুতৰ ভাবে আহত মহিদুল ইছলাম নামৰ এগৰাকী ছাত্র।
চিৰাং জিলাৰ বিজনীৰ ১ নং দংশীয়াপাৰাত আজি এক চিলিণ্ডাৰ বিস্ফোৰণৰ ঘটনা সংঘটিত হয়।স্থানীয় ৰমজান আলীৰ গৃহত সংঘটিত হয় এই বিস্ফোৰণ।বিস্ফোৰণত চাৰিটা গৃহ সম্পূৰ্ণৰূপে ভস্মীভূত হোৱাৰ লগতে গুৰুতৰ ভাবে আহত ৰমজান আলীৰ ভাতৃ মহিদুল ইছলাম(১৮) নামৰ এগৰাকী ছাত্র।ৰমজান আলী উচ্চতৰ মাধ্যমিক চুড়ান্ত বৰ্ষৰ ছাত্ৰ।ক্ষন্তেক সময় আগতে গাখীৰ উতলাই ওলাই অহাৰ পিছতেই এই বিস্ফোৰণ ঘটনা সংঘটিত হয়।বিস্ফোৰণটোত দুই লক্ষাধিক নগদ ধনৰ উপৰিও ঘৰৰ নথি-পত্ৰৰ লগতে ঘৰৰ সম্পূৰ্ণ সামগ্ৰী ভস্মীভূত হয়।ইফালে আহত মহিদুল ইছলামক বল্লমগুৰী স্বাস্থ্য কেন্দ্ৰত প্ৰাথমিক চিকিৎসাৰ বাবে প্ৰেৰণ কৰা হয় যদিও সংকটজনক অৱস্থাত কাজলগাঁও JSB অসামৰিক সিকিংসালয়লৈ উন্নত চিকিৎসাৰ বাবে প্ৰেৰণ কৰা হয়।
