বিজনীৰ পাণবাৰী ৰাণীঘাট বনভোজস্থলীৰ হাকুৱা নৈত যুৱক সন্ধানহীন।সৰভোগৰ ৰাহুল মজুমদাৰ (১৯) নামৰ এজন যুৱক সন্ধানহীন হয় নৈখনৰ বুকুত। সোমবাৰে আবেলিৰ সময়ত ৰাণীঘাটৰ বনভোজস্থলিত ফুৰিবলৈ আহি হাকুৱা নৈত পাঁচ বন্ধুৰ সৈতে গা ধুবলৈ নামিছিল যুৱক জন।ঘটনাস্থলিত উপস্থিত পাণবাৰী থানাৰ আৰক্ষী। পাছলৈ ঘটনাস্থলিত বিজনীৰ SDRF বাহিনীৰ লোক উপস্থিত হৈ উদ্ধাৰকাৰ্য চলাই নিখোজ হৈ থকা যুৱক ৰাহুল মজুমদাৰৰ মৃতদেহ উদ্ধাৰ কৰে।মৃত ৰাহুল মজুমদাৰৰ শৰীৰত আঘাতৰ চিন স্পষ্ট হৈ থকাত সতীৰ্থ সকলে পৰিকল্পিতভাবে হত্যা কৰি পানীত পেলাই দিয়াৰ অভিযোগ ৰাহুল মজুমদাৰৰ আত্মীয়ৰ।ঘটনাস্থলিত বিজনীৰ কাৰ্যবাহী দণ্ডাধিশ তথা বিজনীৰ সংলগ্ন চক্ৰ বিষয়া ইলা বণিয়া উপস্থিত হয়।ঘটনা সংক্ৰান্তত ইতিমধ্যে পাণবাৰী থানাৰ আৰক্ষীয়ে তদন্ত আৰম্ভ কৰিছে।আৰক্ষীয়ে মৃতদেহটো পাণবাৰী থানালৈ লৈ আহি সতীৰ্থ কেইজনক সোধ-পোচ আৰম্ভ কৰিছে।
