বিজনীৰ গাঞ্জাৰ চিৰাল চিৰাল পাতৰ গানত বিজনী বনবিভাগৰ কাৰ্যালয়ৰ গেটত একাংশ মহিলাৰ ধৰ্ণা

বিজনীৰ গাঞ্জাৰ চিৰাল চিৰাল পাতৰ গানত বিজনী বনবিভাগৰ কাৰ্যালয়ৰ গেটত একাংশ মহিলাৰ ধৰ্ণা ।চিৰাং জিলাৰ বিজনীৰ বন বিভাগৰ কাৰ্যালয়ৰ গেটত একাংশ মহিলাৰ ধৰ্না । আজি বিজনী বৰগাৱত এছ এছ বিৰ অভিযানত AS 01Z 2683 নম্বৰৰ ওইৰিয়াম গছৰ কুণ্ডা ভৰ্তি এখন টাটা মোৱাইল গাড়ী জব্দ কৰে । পাছলৈ উক্ত গাড়ীসহ কুণ্ডাসমূহ বিজনীৰ বন বিভাগৰ কাৰ্যালয়ত চমজাই দিয়ে । উক্ত বন বিভাগৰ কাৰ্যালয় পৰা এছ এছ বিৰ গাড়ী ওলাই যাওতে সন্মুখত শাৰীপাতি বহি ধৰ্ণাত বহে একাংশ মহিলা । আমাৰ গছ আমাক ঘুৰাই দিয়ক । গছ ঘুৰাই নেদিলে বন বিভাগৰ কাৰ্যালয়ৰ পৰা এছ এছ বিৰ গাড়ী ওলাই যাব দিয়া নহ’ব বুলি উত্তাল কৰে মহিলা সকলে । লগতে ধৰ্ণাত অংশগ্ৰহণ কৰা মহিলা সকলে গাঞ্জাৰ চিৰাল চিৰাল পাতৰ গান গাই ধৰ্ণা কাৰ্যসূচীত কৰা পৰিলক্ষিত হয় । জানিব পৰা মতে উক্ত গছ সমূহ বৰগাৱৰ শিৱ মন্দিৰৰ বুলি দাবি কৰে মহিলা সকলে । বৰগাৱ শিৱ মন্দিৰ নিৰ্মাণ আৰ্থে এই গছ বিক্ৰী কৰিছিল । পাছলৈ এছ এছ বিৰ দলে জব্দ কৰে গাড়ীসহ গছ । এছ এছ বিৰ দলে জব্দকৃত গছৰ কুণ্ডাসহ গাড়ী বন বিভাগৰ ডিপোত কাৰ্যালয়ত লৈ আহে ।

By Dipshikha

Leave a Reply

Your email address will not be published. Required fields are marked *