বিজনীত বৃহৎ পৰিমাণৰ ড্ৰাগছ জব্দ আৰক্ষীৰ।বৰপেটাৰ পৰা বিজনী অভিমুখে আহি থকা অৱস্থাত বিজনী গেৰুকাবাৰী পথত ড্ৰাগছসহ মহিৰ উদ্দিন(34) আৰু নাজিম উদ্দিন শিকদাৰ(33) নামৰ দুটা সৰবৰাহকাৰীক গ্ৰেপ্তাৰ বিজনী আৰক্ষীৰ।বিজনী আৰক্ষীৰ গোপন খবৰৰ ভিত্তিত বিজনী মহকুমা আৰক্ষী বিষয়া প্ৰণৱজ্যোতি কলিতাৰ নেতৃত্বত আৰক্ষীৰ নিয়মীয়া তালাচিত জব্দ কৰিবলৈ সক্ষম হয়। AS 01EZ 9525 নম্বৰৰ মাৰুটি ছুইফট্ গাড়ীৰে বিজনী চহৰত সোমাব লৈছিল সৰবৰাহকাৰী দুটা।দহটা চাবোন কেছত লৈ লৈ আহিছিল ড্ৰাগছ সমূহ।জব্দকৃত ড্ৰাগছ সমূহৰ ওজন ১১২ গ্ৰাম।ধৃত সৰবৰাহকাৰী দুটাৰ ঘৰ বৰপেটা জিলাৰ চতলাত বুলি জানিব পৰা গৈছে।