বিজনীত বন বিভাগ আৰু এছ এছ বিৰ যৌথ অভিযানত কাঠৰ কুণ্ডা জব্দ ।বন ধংস কৰি একাংশ অসাধু চক্ৰই চলাই গৈছে কাঠৰ ৰমৰমিয়া ব্যৱসায় । ইয়াৰ মাজতে চিৰাং জিলাৰ বিজনীত আজি বিজনী বন বিভাগ আৰু বিষ্ণুপুৰস্থিত এছ এছ বিৰ ১৫ নং বেটেলিয়নৰ যৌথ অভিযানত বিজনীৰ পূব বাগমাৰাত অভিযান চলাই বৃহৎ পৰিমানৰ পাৰ্লী কাঠৰ কুণ্ডা জব্দ কৰে অভিযানকাৰী দলটো । বন ধংস কৰি গছৰ কুণ্ডা সমুহ পূব বাগৰগাৱত আনি জমা কৰি ৰাখিছিলে । পাছত এক গোপন খবৰৰ ভিত্তিত অভিযানকাৰী দলটো অভিযান চলাই ১০ টা পাৰ্লী কাঠৰ কুণ্ডা জব্দ কৰিবলৈ সক্ষম হয় যদিও কোন লোকক আটক কৰিবলৈ সক্ষম হোৱা নাই । পাছত জব্দকৃত কাঠৰ কুণ্ডা সমুহ দুইখন ট্ৰেক্টৰৰ সহায়ত বিজনী বন বিভাগৰ ডিপট কাৰ্যালয়ত লৈ আহে ।
