বিজনীত বন্যহস্তীয়ে এজন কৃষকৰ ঘৰ ভাঙি তহিলং

বিজনীত বন্যহস্তীয়ে এজন কৃষকৰ ঘৰ ভাঙি তহিলং।
অতি শীঘ্ৰে চৰ্ট লাইনৰ ব্যৱস্থা কৰাৰ আহ্বান মূখ্যমন্ত্ৰীলৈ ।
চিৰাং জিলাৰ বিজনীৰ ভাৰত ভূটান সীমান্তবৰ্তী অঞ্চলসমূহত অব্যাহত আছে বন্য হস্তীৰ উপদ্ৰৱ। মানাহ ৰাষ্ট্ৰীয় উদ্যানৰ পৰা খাদ্যৰ সন্ধানত ওলাই অহা হাতীৰ জাকে যোৱানিশা বিজনী মহকুমাৰ অন্তৰ্গত ২নং দক্ষিণ মাক্ৰাত এজন কৃষকৰ ঘৰ ভাঙি তহিলং কৰিৰ উপৰিও ঘৰৰ সামগ্ৰী ভাঙি তছনছ কৰে । কৃষক গৰাকীৰ নাম উমাৰ আলী । অতি শীঘ্ৰে মানাহ ৰাষ্ট্ৰীয় উদ্যানৰ হাতী প্ৰতিৰোধী চৰ্ট লাইনৰ ব্যৱস্থা কৰি ৰাইজলৈ উপকৃত কৰাৰ বাবে অসমৰ মুখ্যমন্ত্ৰীলৈ আহ্বান জনায় সংবাদ মাধ্যমৰ জৰিয়তে।উক্ত ঘটনা স্থলীত চিৰাং জিলা আম আদমী পাৰ্টীৰ এটা সজাতি দলে উপস্থিত হৈ ঘটনাৰ বুজ লোৱাৰ উপৰিও অতি সোনকালে এই সকল জনসাধাৰণৰ সুৰক্ষাৰ বাবে হাতী প্ৰতিৰোধী চৰ্ট লাইনৰ ব্যৱস্থা কৰাৰ আহ্বান জনায় বন মন্ত্ৰীলৈ। বিজনী বিধায়ক অজয় কুমাৰ ৰায়ক এই সকল লোকৰ খবৰ ৰাখিবলৈ আৰু এই সকল লোকৰ ক্ষতি পুৰণ অতি লেহেমীয়া গতিত চলে । আৰু এই সকলৰ ক্ষতিগ্ৰস্ত হোৱা লোকৰ অতি সোনকালেই যাতে ক্ষতিপুৰন পায় তাৰ ব্যৱস্থা কৰাৰ আহ্বান চিৰাং জিলা আম আদমী পাৰ্টীৰ ।

By Dipshikha

Leave a Reply

Your email address will not be published. Required fields are marked *