বিজনীত প্লাষ্টিক বিৰুদ্ধে অভিযান। বিভিন্ন দোকানত ৬৫০০ টকাৰ জৰিমনা বিজনী মিউনিচিপ্যাল বোৰ্ডৰ।চিৰাং জিলাৰ বিজনী বজাৰত হঠাতে চলিল নিষিদ্ধ প্লাষ্টিকৰ বিৰুদ্ধে অভিযান । আজি পলিচন বিভাগৰ উদ্যোগত আৰু বিজনী মিউনিচিপ্যাল বোৰ্ডৰ সহযোগত দুপৰীয়াৰ ভাগত বিজনী বজাৰ স্থিত বহু দোকানত প্লাষ্টিকৰ বিৰুদ্ধে অভিযান চলাই জব্দ কৰে প্লাষ্টিকৰ কেৰি বেগ, প্লাষ্টিকৰ গ্লাস, প্লাষ্টিকৰ বাটি, থাৰ্মকলৰ থালি ইত্যাদি জব্দ কৰাৰ লগতে বিজনীৰ বিভিন্ন দোকান মিলাই মুঠ ৬৫০০ টকা জৰিমনা বিহে । পাছত জব্দকৃত সামগ্ৰী সমূহ বিজনী মিউনিচিপ্যাল বোৰ্ডত লৈ আনে ।
