বিজনীত এগৰাকী মহিলাৰ মৃতদেহ উদ্ধাৰ

বিজনীত এগৰাকী মহিলাৰ মৃতদেহ উদ্ধাৰ।চিৰাং জিলাৰ বিজনীৰ পাণবাৰী পথৰ অসম মিলৰ সমিপত আজি ৰাতিপুৱাৰ ভাগত এগৰাকী ৭২ বছৰীয়া মহিলাৰ মৃতদেহ উদ্ধাৰ হয় । মৃত মহিলাগৰাকীৰ নাম দিপালী কৰ্মকাৰ বুলি জানিব পৰা গৈছে । ৰাতিপুৱা মানস যাত্ৰীবাহী ৰেলত নিজৰ ভনিয়েকক উঠাই দিবলৈ আহিছিলে এই মহিলা গৰাকী । স্থানীয় লোকে মহিলাগৰাকীক পৰি থকা অৱস্থাত দেখা পাই বিজনী আৰক্ষীক খবৰ দিয়ে। পাছত উক্ত স্থানত বিজনী আৰক্ষীৰ লগতে মহকুমা সহকাৰী আয়ুক্ত উপস্থিত হৈ মৃতদেহ উদ্ধাৰ কৰি মৰণোত্তৰ পৰীক্ষাৰ বাবে প্ৰেৰণ কৰে ।

By Dipshikha

Leave a Reply

Your email address will not be published. Required fields are marked *