দেশৰ বিভিন্ন প্ৰান্তত বিগত কিছুদিন ধৰি অব্যাহত আছে নেৰানেপেৰা বৰষুণ। বহু ঠাইত বৰষুণৰ ফলত সৃষ্টি হৈছে বানৰ। নেৰানেপেৰা বৰষুণৰ ফলত অধিকাংশ স্থানৰে জনজীৱন প্ৰায় স্তব্ধ হৈ পৰিছে। দুই-তিনিদিন ধৰি হৈ থকা এনে ধাৰাসাৰ বৰষুণৰ ফলত উপচি পৰিছে নদ-নদীসমূহ। এনে উদ্বেগজনক পৰিস্থিতিয়ে বহু অঞ্চলত জনসাধাৰণৰ জীৱনলৈ শংকা নমাই আনিছে। দেওবাৰে পঞ্জাৱত এনে পৰিস্থিতিৰ চিকাৰ হৈছে ৯ জনকৈ লোক। বাঢ়নি নদীত পৰি প্ৰাণ হেৰুৱাইছে এই লোককেইজনে। পঞ্জাৱৰ হোছিয়াৰপুৰত সংঘটিত হৈছে এই শোকাৱহ ঘটনা। লোকসকলে এখন বাহনেৰে হোছিয়াৰপুৰৰ জয়জত ছৌটি পৰ্ছাটি নদী পাৰ কৰাৰ সময়তে নদীত বাগৰি পৰে আৰু ইয়াৰ ফলশ্ৰুতিত শোকাৱহভাৱে প্ৰাণ হেৰুৱায়। বাহনখনত চালকসহ মুঠ ১১ গৰাকী ব্যক্তি আছিল বুলি জানিব পৰা গৈছে। তথ্য অনুসৰি, নিহত লোককেইজনৰ ভিতৰত ৮ গৰাকী একেটা পৰিয়ালৰ সদস্য। দুগৰাকী ব্যক্তি এইপৰ্যন্ত সন্ধানহীন হৈ আছে বুলি জানিব পৰা গৈছে।