বাক্সাৰ মুছলপুৰত বনৰীয়া গৰুৰ সন্ত্ৰাস

বাক্সাৰ মুছলপুৰত বনৰীয়া গৰুৰ সন্ত্ৰাস ।বাক্সা জিলাৰ মুছলপুৰৰ সমীপৱৰ্তী বাথৌফুৰিত শনিবাৰে এটি বনৰীয়া গৰুৱে ইমূৰৰ পৰা সিমূৰলৈ বিচৰণ কৰি একপ্ৰকাৰ সন্ত্ৰাসৰ সৃষ্টি কৰিছিল । মানাহ বনাঞ্চলৰ পৰা আহি বনৰীয়া গৰুটোৱে জনাঞ্চলত প্ৰৱেশ কৰাত কালিৰে পৰা একপ্ৰকাৰ ত্ৰাসৰ সৃষ্টি হৈছে সমগ্ৰ অঞ্চলত । কালিৰ পিছত আজি পুৱাৰে পৰা পুনৰ বনৰীয়া গৰুটোৱে জিলাখনৰ মুছলপুৰৰ সমীপবৰ্তী থমনাত সন্ত্ৰাস সৃষ্টি কৰা পৰিলক্ষিত হৈছে । বনৰীয়া গৰুটোৰ ভয়ত ভাত-পানী একোকে খাব পৰা নাই অঞ্চলটোৰ ৰাইজে । ইফালে বনৰীয়া গৰুটোৱে কালি গিৰিণ গেহৰুৱা নামৰ এগৰাকী বনকৰ্মীক প্ৰচণ্ড খুন্দা মাৰি গুৰুতৰভাৱে আঘাতপ্ৰাপ্ত কৰাৰ লগতে ৰতন পাটগিৰী আৰু বিজেন বসুমতাৰী নামৰ দুগৰাকী স্থানীয় লোকক । আজি পুনৰ তৰণী দাস আৰু কৰ্ণ দাস নামৰ থমনাৰ দুগৰাকী লোকক খুন্দিয়াই আঘাতপ্ৰাপ্ত কৰে । জানিব পৰা মতে দুয়োগৰাকী লোককে ইতিমধ্যে উন্নত চিকিৎসাৰ বাবে নলবাৰী চিকিৎসালয়লৈ প্ৰেৰণ কৰা হৈছে । মাইকযোগে বন বিভাগে ৰাইজক সতৰ্ক হ’বলৈ আহ্বান জনাই বনৰীয়া গৰুটোক মানাহৰ পৰা লৈ অহা এগৰাকী বন চিকিৎসকৰ জৰিয়তে ট্ৰেংকুলাইজ কৰে । লগে লগে অৱসান ঘটিল প্ৰায় ৪৮ ঘণ্টীয়া এখন শ্বাসৰুদ্ধকৰ পৰিৱেশৰ । সম্প্ৰতি বনৰীয়া গৰুটোক মানাহ ৰাষ্ট্ৰীয় উদ্যানলৈ লৈ গৈছে বন বিভাগে ।

By Dipshikha

Leave a Reply

Your email address will not be published. Required fields are marked *