বাক্সাৰ ডুমুনী বজাৰ নিবিদা দিয়াৰ নামত অনিয়মৰ অভিযোগ




বাক্সা জিলাৰ বিটিচিৰ দিহিৰা পৰিষদীয় সমষ্টিৰ অন্তৰ্গত ডুমুনী সাপ্তাহিক বজাৰৰ নিবিদা দিয়াৰ নামত ব্যাপক খেলিমেলিৰ অভিযোগ উত্থাপিত হৈছে ৷ এই লৈ নিবিদাৰ পৰা বঞ্চিত কেবাগৰাকীও যুৱকে আজি যৌথভাৱে ডুমুনীত এক সংবাদমেলৰ আয়োজন কৰে ৷ সংবাদমেলত ইউপিপিএলৰ ডুমুনী প্ৰাথমিক সমিতিৰ যুৱ শাখাৰ সভাপতি নেলছন মুছাহাৰীয়ে কৰা অভিযোগ মতে যোৱা ২৭ জুনত বিটিচিৰ মাৰ্কেটিং এণ্ড ফেয়াৰ বিভাগে আহ্বান কৰা নিবিদা প্ৰক্ৰিয়াত ডুমুনী অঞ্চলৰ বিভিন্ন জাতি-জনগোষ্ঠীৰ লোকক সাঙুৰি সুজিত বড়োৰ নেতৃত্বত গঠিত ৩৫ জনীয়া গোট এটাই বাচনিভূক্ত হোৱাৰ পিচতো আজিলৈ তেওঁলোকক কাম কৰাৰ অনুমতি প্ৰদান কৰা নাই ৷ তেওঁলোকে জানিবলৈ দিয়া অনুসৰি নিবিদা গ্ৰহণৰ ক্ষেত্ৰত অযোগ্য জিএছপিৰ কৰ্মী চাহিদুল ইছলামে অন্যায়ভাৱে লাভ কৰাৰ ক্ষেত্ৰত ক্ষোভিত হৈ পৰে ইউপিপিএলৰ দলীয় কৰ্মী সকলে।কিন্ত তাৰ পিচতো এতিয়া বিভাগটোৱে নীতি বহিৰ্ভূতভাৱে নিবিদা প্ৰক্ৰিয়াত আটাইতকৈ নিম্নমানৰ নিবিদা দিয়া ব্যক্তিক গোপনে উক্ত বজাৰখন আৱন্টন দিয়াৰ এক ষড়যন্ত্ৰ কৰা বুলি সংবাদমেলত গুৰুতৰ অভিযোগ কৰে ৷ এইক্ষেত্ৰত স্থানীয় এগৰাকী প্ৰভাৱশালী ৰাজনৈতিক ব্যক্তিৰ হেঁচাতে এই সমস্ত অনিয়ম সংঘটিত হোৱা বুলি দাবী কৰি বিষয়টো সন্দৰ্ভত বিটিচি প্ৰশাসন তথা চৰকাৰক এক যথোচিত পদক্ষেপ ল’বলৈ আহ্বান জনাইছে নিবিদা বঞ্চিত যুৱক কেইগৰাকীয়ে ৷ অন্যাথা নিবিদা বঞ্চিত যুৱক সকলে ন্যায়ালয়ৰ দ্বাৰস্থ হ’ব বুলিও সংবাদমেলত উল্লেখ কৰে।

By Dipshikha

Leave a Reply

Your email address will not be published. Required fields are marked *