বহৰিৰ হৰিপুৰত দিন দুপৰতে অধ্যাপক দম্পতীৰ ঘৰত চোৰ

বহৰিৰ হৰিপুৰত দিন দুপৰতে অধ্যাপক দম্পতীৰ ঘৰত চোৰৰ চাফাই অভিযান। ঘৰৰ তলা ভাঙি চোৰে নিলে নগদ ধনসহ সোণ- ৰূপৰ আ-অলংকাৰ।
এইবাৰ চোৰৰ টাৰ্গেট অধ্যাপক দম্পতী। অধ্যাপক দম্পতীৰ ঘৰত দিন দুপৰতে চোৰে চলালে চাফাই অভিযান। চোৰৰ সন্ত্ৰাসৰ বাবে নিদ্ৰা হৰিছে বৰপেটা জিলাৰ তাৰাবাৰী থানাৰ অন্তৰ্গত বিভিন্ন এলেকাৰ সাধাৰণ ৰাইজৰ । তাৰাবাৰী থানা এলেকাত প্ৰায়ে সংঘটিত হৈ আহিছে চুৰিৰ ঘটনা। শুকুৰবাৰে তাৰাবাৰী থানাৰ অন্তৰ্গত বহৰিৰ নিকটৱৰ্তী হৰিপুৰ চকস্থিত অধ্যাপক দম্পতীৰ বাসগৃহত দিন দুপৰতে সংঘটিত হৈছে চুৰিৰ ঘটনা। চেঙাস্থিত মধ্য কামৰূপ মহাবিদ্যালয়ৰ অধ্যাপকদ্বয় ইমান ভূঞা আৰু ছাজিদা খাতুনে মহাবিদ্যালয়ত থকাৰ সুযোগ গ্ৰহণ কৰি চোৰে এফালৰ পৰা লুটি নিয়ে নগদ ধনসহ সোণ-ৰূপৰ আ-অলংকাৰ। গ্ৰীল আৰু দুৱাৰৰ কেইবাটাও তলা ভাঙি নগদ প্ৰায় ৫০ হাজাৰ টকা আৰু প্ৰায় ২০/২৫ লাখ টকাৰ সোণ -ৰূপৰ আ-অলংকাৰ চোৰে চুৰি কৰি নিয়ে বুলি অধ্যাপক ইমান ভূঞাই জানিবলৈ দিয়ে। অধ্যাপক পত্নী ছাজিদা খাতুনে দিনৰ আঢ়ৈ বজাত মহাবিদ্যালয়ৰ পৰা ঘৰলৈ আহি দুৱাৰৰ তলা ভঙা আৰু আলমাৰি , গডৰেজ খোলা থকা প্ৰত্যক্ষ কৰে বুলি ইমান ভূঞাই জানিবলৈ দিয়ে। ইতিমধ্যে চুৰি ঘটনা সম্পৰ্কত তাৰাবাৰী আৰক্ষী থানাত এজাহাৰ দাখিল কৰিছে অধ্যাপক ইমান ভূঞাই। চোৰক কৰায়ত্ব কৰি উচিত শাস্তি প্ৰদান কৰিবলৈ দাবী উত্থাপন কৰিছে ভুক্তভোগী পৰিয়ালটোৱে। ইয়াৰ পূৰ্বেও ইমান ভূঞাৰ ঘৰৰ পৰা চোৰে মবাইল ফোন চুৰি কৰিছিল বুলি জানিব পৰা গৈছে।

By Dipshikha

Leave a Reply

Your email address will not be published. Required fields are marked *