বলিউডৰ বাদশ্বাহক দিলে মৃত্যুৰ ভাবুকি

ছলমান খানৰ পিছত এইবাৰ বলীউদৰ বাদশ্বাহ শ্বাহৰুখ খানে লাভ কৰিছে মৃত্যুৰ ভাবুকি। শ্বাহৰুখ খানক ফোনযোগে হত্যাৰ ভাবুকি দুৰ্বৃত্তৰ। সূত্ৰ অনুসৰি, ফোনটো ফৈজান নামৰ এজন ব্যক্তিয়ে কৰিছিল। যাক ৰায়পুৰৰ বাসিন্দা বুলি কোৱা হৈছে। বৰ্তমান, ফৈজানক ক্ৰাইম বান্সে নিজৰ জিম্মাত লৈছে।ইতিমধ্যে আৰক্ষীয়ে ট্ৰেচ কৰিছে দুৰ্বৃত্তৰ ফোনৰ লোকেচন। ৰায়পুৰৰ পৰা ফোনযোগে শ্বাহৰুখক ভাবুকি দিয়াৰ তথ্য লাভ কৰিছে আৰক্ষীয়ে।তাৰ পাছতে ৰায়পুৰলৈ ৰাওনা হৈছে আৰক্ষীৰ দলটো।ফোন কৰা ব্যক্তিজনৰ বিৰুদ্ধে ভাৰতীয় দণ্ডবিধিৰ ৩০৮ (৪) আৰু ৩৫১ (৩) (৪) ধাৰাৰ অধীনত গোচৰ ৰুজু কৰা হৈছে। ‘পাঠান’ আৰু ‘জৱান’ৰ সফলতাৰ পাছতো তেওঁ মৃত্যুৰ ভাবুকি লাভ কৰিছিল শ্বাহৰুখ খানে। তাৰ পিছত বৃদ্ধি কৰা হৈছিল শ্বাহৰুখ খানৰ নিৰাপত্তা।এই বিষয়টো গুৰুত্বসহকাৰে লৈছে মুম্বাই আৰক্ষীয়ে। বৰ্তমান, ধনৰ বাহিৰে আন কোনো দাবী কৰা হৈছে নে নাই জানিব পৰা নাই। অৱশ্যে, শ্বাহৰুখ খানৰ বৰ্তমান ৱাই প্লাছ নিৰাপত্তা আছে।

By Dipshikha

Leave a Reply

Your email address will not be published. Required fields are marked *