বটদ্ৰৱা সমষ্টিৰ ভেহুগুৰিত ভয়াবহ অগ্নিকাণ্ড

বটদ্ৰৱা সমষ্টিৰ ভেহুগুৰিত ভয়াবহ অগ্নিকাণ্ড ।
আহত তিনিজন আৰু প্ৰায় পাঁচ লক্ষ্যাধিক টকাৰ সা-সম্পত্তি অগ্নিত জাহ যায়।মৰিগাঁও জিলাৰ মিকিৰভেটা থানাৰ অন্তৰ্গত বটদ্ৰৱা সমষ্টিৰ ভেহুগুৰিত আজি ভয়াবহ এক অগ্নিকাণ্ড সংঘটিত হোৱাৰ ফলত তিনিজন লোক আহত হোৱাৰ লগতে প্ৰায় পাঁচ লক্ষ্যাধিক টকাৰ সা-সম্পত্তি অগ্নিত জাহ যায়। জানিব পৰা মতে, ভেহুগুৰিৰ তাহেৰ আলীৰ বাস গৃহত আজি দিনৰ ১১ বজাত জুই লাগি সম্পূৰ্ণৰূপে ভস্মীভূত হয়।উক্ত অগ্নি কাণ্ডত হাজেৰা খাতুন ,মমতাজ বেগমকে আদি কৰি তিনিজন লোক আহত হোৱাৰ লগতে এক লাখ নগদ ধন ,মাটিৰ দলিল, বিভিন্ন নথি পত্ৰৰ লগতে প্ৰায় পাঁচ লক্ষ্যাধিক টকাৰ ধন সম্পত্তি জুইত জাহ যায়।জুই লগাৰ কাৰণ এতিয়ালৈকে জানিব পৰা হোৱা নাই।

By Dipshikha

Leave a Reply

Your email address will not be published. Required fields are marked *