বটদ্ৰৱা থানাৰ অন্তৰ্গত ভোমোৰাগুৰিত মহিলাৰ মত্যুক লৈ তীব্ৰ চাঞ্চল্যৰ

বটদ্ৰৱা থানাৰ অন্তৰ্গত ভোমোৰাগুৰিত মহিলাৰ মত্যুক লৈ তীব্ৰ চাঞ্চল্যৰ সৃষ্টি হৈছে।
নগাওঁ জিলাৰ বটদ্ৰৱা থানাৰ অন্তৰ্গত ভোমোৰাগুৰি গাঁৱত এজনী মহিলাৰ মৃত্যুক লৈ প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে। জানিব পৰা মতে গাঁও খনৰ আব্দুল হাইৰ জীয়ৰী অফিয়া খাতুনক জুৰিয়া থানাৰ অন্তৰ্গত মাহগুৰি গাঁৱৰ আৰফান আলীৰ পুত্ৰ নাছিৰ উদ্দীনৰ লগত আজিৰ পৰা প্ৰায় ২২ বছৰ পূৰ্বে বিবাহ দিয়া হয় যদিওঁ বিয়াৰ পিছৰে পৰাই স্বামীগৃহৰ পৰা চলাই আহিছিল অকথ্য নিৰ্যাতন। যাক লৈ কেইবাবাৰো সম্পন্ন হয় ৰাইজ মেলৰ। কিন্তু বিয়াৰ ইমান দিনৰ পিছতো নিৰ্যাতন চলাই থকাত উপায়হীন হৈ বৰপুত্ৰৰ লগত গুছি আহে মাতৃ গৃহলৈ। ইতিমধ্যে স্বামীগৃহৰ অত্যাচাৰত শয্যাশায়ী হৈ অৱশেষত আজি অকাল মৃত্যুক আঁকোৱালি লয়। এই মৃত্যুক সহজ ভাৱে লব পৰা নাই পিতৃৰ পৰিয়ালে। অৱশেষত বটদ্ৰৱা আৰক্ষী উপস্থিত হৈ স্বামী নাছিৰ উদ্দীন আৰু তেওঁৰ ভাতৃক আটক কৰাৰ লগতে মৃত মহিলা গৰাকীক মৰুণোত্তৰ পৰীক্ষাৰ বাবে নগাওঁ ভোগেশ্বৰী ফুকননী অসামৰিক চিকিৎসালয়লৈ প্ৰেৰণ কৰে।

By Dipshikha

Leave a Reply

Your email address will not be published. Required fields are marked *