বটদ্ৰৱাৰ শান্তিজান বজাৰৰ সমীপত ভংয়কৰ পথ দুৰ্ঘটনা

বটদ্ৰৱাৰ শান্তিজান বজাৰৰ সমীপত ভংয়কৰ পথ দুৰ্ঘটনা। টেম্প আৰু ৱেগনাৰৰ মুখামুখি সংঘৰ্ষত শিশু, মহিলা সহ ৮ জন গুৰুত্বৰ ভাবে আহত। ঘটনাৰ বিৱৰণী মতে, নগাঁৱৰ পৰা বটদ্রৱাৰ দিশে তীব্ৰ গতিৰে আহি থকা AS02CC 8495 নম্বৰৰ এখন যাত্ৰীবাহী টেম্পৱে নগাঁও দিশে গৈ থকা AS02 N 8429 নম্বৰৰ ৱেগনাৰৰ বাহনৰ লগত মুখামুখি সংঘৰ্ষ হয়। দুৰ্ঘটনা সংঘটিত হোৱাৰ পাছত স্থানীয় লোকৰ তৎপৰতাত আহত সকলক বটদ্ৰৱা ক্ষুদ্ৰ প্ৰাথমিক স্বাস্থ্য কেন্দ্ৰলৈ লৈ যোৱা হয় যদিও চিকিৎসাৰ বাবে নগাঁৱলৈ প্ৰেৰন কৰে ঘটনাস্থলিত বটদ্ৰৱা আৰক্ষী উপস্থিত হৈ তদন্ত অব্যাহত ৰাখিছে ।

By Dipshikha

Leave a Reply

Your email address will not be published. Required fields are marked *