বটদ্ৰৱাত পানী মেটেকাৰে ক্ষুদ্ৰ উদ্যোগ গঢ় দিয়াৰ প্ৰচেষ্টা

বটদ্ৰৱাত পানী মেটেকাৰে ক্ষুদ্ৰ উদ্যোগ গঢ় দিয়াৰ প্ৰচেষ্টা।
ৰাজ্যৰ নৈ, বিল, জলাশয় সমূহত প্ৰচুৰ পৰিমাণে উৎপাদিত এক প্ৰাকৃতিক উপাদান হৈছে পানী মেটেকা। এই পানী মেটেকা যে জীবিকাৰ উৎস হব পাৰে তাৰে নিদৰ্শন দাঙি ধৰিছে বটদ্ৰৱাৰ হালধিআটি আৰু গাখজুৱা গাঁৱৰ মহিলা সকলে। গাঁও দুখনৰ মহিলা সকলে বৰ্তমান পানী মেটেকাৰ পৰা প্ৰস্তুত কৰা সামগ্ৰী নিৰ্মাণত ব্যস্ত হৈ পৰিছে। ভাৰতীয় উদ্যমীতা সংস্থাৰ উত্তৰ পূৱৰ প্ৰকল্প বিষয়া প্ৰাঞ্জল ৰাজখোৱাৰ তত্বাৱধানত অনুষ্ঠিত এই প্ৰশিক্ষণত মহিলা সকলে অঞ্চলটোত প্ৰচুৰ পৰিমাণে উপলব্ধ পানী মেটেকা সমূহ সংগ্ৰহ কৰি তাৰ পৰা বেগ, টুপি, টাবৰ কভাৰ, মোনা, দলিচা, গহনা, ফুলদানী, ডাষ্টবিন, ফাইল কভাৰ আদি বিভিন্ন সামগ্ৰী উৎপাদন কৰি আৰ্থিক ভাৱে স্বাৱলম্বী হৈছে। প্লাষ্টিকৰ বিকল্প হিচাপে সুন্দৰ এক প্ৰাকৃতিক উপাদানৰ সৈতে ঘৰত ব্যৱহৃত সামগ্ৰী সমূহ প্ৰস্তুত কৰি স্বাৱলম্বী হোৱা গ্ৰাম্যাঞ্চলৰ মহিলা সকলক সকলোৱে প্ৰসংশা কৰিছে।

By Dipshikha

Leave a Reply

Your email address will not be published. Required fields are marked *