বঙাইগাঁওত NHIDCL ৰ বিৰুদ্ধে হাপাছৰা ৰাইজৰ বৃহৎ ধৰ্ণা কাৰ্যসূচী। বঙাইগাঁও জিলাৰ অন্তৰ্গত হাপাচৰা ১৭ নং ৰাষ্ট্ৰীয় ঘাইপথৰ কাষত NHIDCL পথ কৰ্তৃপক্ষৰ বিৰুদ্ধে প্ৰতিবাদ সাব্যস্ত কৰে বিভিন্ন দল সংগঠনে।ৰাইজে পথ কৰ্তৃপক্ষক উপ পথ নিৰ্মাণৰ দাবী চাৰিবছৰ ধৰি কৰি আহিছে যদিও NHIDCL পক্ষই কোনো পদক্ষেপ গ্ৰহণ কৰা নাই বাবেই ৰাইজে বিক্ষোভিত হৈ আজি এই প্ৰতিবাদ সাব্যস্ত কৰিছে। ৰাইজৰ মূলতঃ দাবীসমূহ হৈছে ৰাখালডুবিৰ পৰা সিদলসতীলৈকে চাৰিলেনযুক্ত পথৰ দুয়োকাষে উপপথৰ নিৰ্মাণৰ দাবীৰ লগতে হাপাচৰা বজাৰত ক্ষুদ্ৰ অভাৰ ব্ৰিজৰ দাবী জনায়। তাৰোপৰি সমগ্ৰ বিশ্বতে বিলুপ্তপ্ৰায় প্ৰাণী সোণালী বান্দৰৰ ৰক্ষণাবেক্ষণাৰ্থে যাবতীয় পদক্ষেপ লবলৈয়ো ৰাইজে আহ্বান জনায়। ৰাইজে বাৰম্বাৰ অতিৰিক্ত উপায়ুক্তৰ জৰিয়তে অনুৰোধ কৰিছিল যদিও কোনো কাম হোৱা নাই বাবে ৰাইজে ওলাই আহি ধৰ্ণা কাৰ্যসূচী ৰূপায়ণ কৰিবলগীয়া হৈছে। যদি এইবাৰো ৰাজহুৱা সমস্যা সমাধান নহয় তেন্তে ইয়াতকৈ বৃহৎ বাবে প্ৰতিবাদৰ কাৰ্যসূচী ৰূপায়ণ কৰা হ’ব বুলি দল সংগঠন সমূহে মন্তব্য কৰে।ৰাইজৰ আহ্বান মৰ্মে প্ৰতিবাদস্থলীত পথ বিভাগীয় কৰ্তৃপক্ষ আৰু মাণিকপুৰ চক্ৰ বিষয়া ৰিতুমণি দাসে আহি ৰাইজৰ হকে কাম কৰিব বুলি আশ্বাস প্ৰদান কৰে।
