বকোৰ জৱেপাৰাত বনৰীয়া হাতীৰ গচকত গণেশ বড়োৰ মৃত্যু।

বকোৰ জৱেপাৰাত বনৰীয়া হাতীৰ গচকত গণেশ বড়োৰ মৃত্যু। অঞ্চলজুৰি প্ৰতিক্ৰিয়া।ৰাজ্যৰ প্ৰান্তে প্ৰান্তে বনৰীয়া হাতী আৰু মানুহৰ সংঘাত নিত্য নৈমিন্তিক ঘটনা। এনে ঘটনাৰ আজিও প্ৰতিফলন ঘটিল কামৰূপ জিলাৰ বকোত। বকো আৰক্ষী থানাৰ অন্তৰ্গত জৱেপাৰাত আজি সন্ধিয়া পৰত বনৰীয়া হাতীৰ গচকত মৃত্যু হয় গণেশ বড়ো নামৰ এজন কৃষক। প্ৰাপ্ত খৱৰ মতে আজি সন্ধিয়া পৰত ঘৰৰ কাষৰ পথাৰৰ পৰা খৰি বুটলি আনিবলৈ গৈছিল প্ৰায় ৮০ বছৰীয়া গণেশ বড়ো। ইফালে সঘনাই অঞ্চলটোত ঘুৰি ফুৰা বনৰীয়া হাতী এটাই পথাৰত জৱেপাৰা গাওঁৰ প্ৰয়াত গান্ধী বড়োৰ পুত্ৰ গণেশ বড়োক আক্ৰমণ কৰে আৰু গচকি মাৰে। এই লৈ অঞ্চলজুৰি প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে। ইফালে স্থানীয় ৰাইজে প্ৰতিক্ৰিয়া প্ৰকাশ কৰি কয় যে ; বনৰীয়া হাতীৰ বিচৰণ স্থলী সংকুচীত হোৱাত জনাঞ্চলত হাতীৰ বিচৰণ স্থলী হৈ পৰিছে। এই ক্ষেত্ৰত চৰকাৰৰ বন বিভাগে অবৈধ ভাৱে বনাঞ্চল দখল কৰা লোকৰ পৰা চৰকাৰী বন ভূমি দখল মুক্ত কৰিবলৈ আহ্বান জনাইছে।

By Dipshikha

Leave a Reply

Your email address will not be published. Required fields are marked *