ফেচবুকত প্ৰেমকৰা বোৱাৰী পলোৱাবলৈ অহা যুৱকক উত্তম মাধ্যম ৰাইজৰ ।নুমলীগড়ৰ কাষৰীয়া ৪ নং গেৰুকাণীত আজি এক উত্তেজনাময় পৰিস্থিতিৰ সৃষ্টি হয় । ৰাজীৱ ৰবি দাস নামৰ দেৰগাঁৰ এজন যুৱকে নুমলীগড়ৰ জানেকি দাস নামৰ এগৰাকী বোৱাৰীক ফেছবুকত চিনাকী হৈ প্ৰেমালাপৰ অন্তত দেওবাৰে পলুৱাই নিবলৈ আহোতেই ৰাইজে হাতেলুটে ধৰি উত্তম মধ্যম দি পৰিস্থিতি উতপ্ত কৰি তুলে । বোৱাৰী গৰাকীৰ স্বামী বিহু মাৰিবলৈ যোৱাৰ সুযোগ লৈ যুৱক জনে এটি কণ্যাসন্তানৰ মাতৃ গৰাকীক পলুৱাই নিবলৈ আহিছিল ৷
। স্থানীয় ৰাইজে যুৱক জনক ধৰি উত্তম মধ্যম দিয়াৰ লগতে চুলি খুৰাই বান্ধি থয় । ঘটনাস্থলীত বগীজান আৰক্ষী উপস্থিত হৈ যুৱক জনক উদ্ধাৰ কৰি বগীজান থানালৈ লৈ যায় ।
