ফাগুনে আনে আশাৰ বতৰা, ফাগুন মানে যেন ৰঙেৰে উজ্জীৱিত এটি মাহ

আজি ফাগুনৰ ১ তাৰিখ।ফাগুনে আনে আশাৰ বতৰা, ফাগুন মানে যেন ৰঙেৰে উজ্জীৱিত এটি মাহ।ফাগুন মানে যেন পলাশ, শিমলু,আজাৰ মদাৰে জাতিষ্কাৰ হৈ পৰে প্ৰকৃতি।ফাগুনৰ চেঁচা মলয়া বতাহ জাকে শিহৰণ জগাই তোলে প্ৰকৃতিৰদেহত, তাৰে পৰশত পোশা মেলে বিৰিশৰ কুমল কুঁহি পাতে, এয়া যেন বসন্তৰ আগজাননী।
ফাশুন ৰঙেৰে উজ্জীৱিত এটা মাহ , ফাগুন মানে এক আশাৰ বতৰা, ৰঙা আজাৰ, পলাশ আৰু শিমলু কঢ়িয়াই আনে প্ৰেমৰ খবৰ, উন্মাদ ফাগুনে জীপাল কৰে লঠঙা গছৰ মাদকতা, শিতৰ শেমেকা পুৱাৰ কুঁৱলী আস্বাদন আঁতৰাই লাহে লাহে ভূমুকি মাৰিলে ফাগুনে। ফাগুন বুলি ক’লে প্ৰথমে মনলৈ আহে শুকান শুকান পৰিবেশ ধূলি ধূশুৰ বাত-পথ, কিন্তু ইমানতে জানো শেষ কৰিব পাৰি ফাগুনৰ বৰ্ণনা, ফাশুন মানে ৰঙাৰ সমাহাৰ, আজাৰ, শিমলু পলাশ মদাৰে যিদৰে ধৰা কৰি তোলে ৰঙিল!তেনে দৰে মনবোৰো কৰি তোলে উতলা, ফাগুনে কঢ়িয়াই আনে সৃষ্টিৰ বতৰা, কাৰণ ফাগুনে লঠঙা কৰি যোৱা গছ জোপাত কুঁহি পাত মেলিব, বসন্তৰ আগমন ঘটিব, আৰু সেই বাবে ফাগুন এক আশা, ফাগুন ৰঙেৰে উজ্জীৱিত এটা মাহ।

By Dipshikha

Leave a Reply

Your email address will not be published. Required fields are marked *