প্ৰেমৰ মায়াজালত পৰি এগৰাকী কিন্নৰ হল সৰ্বসান্ত।লাওখোৱাৰ ছাদ্দাম হুছেইন নামৰ যুৱকজনে বিয়াৰ প্ৰলোভন দি কৰিলে প্ৰতাৰিত। ৫ বছৰ পূৰ্বে দুয়ো বিবাহপাশত আবদ্ধ হৈ দুয়ো ৰচিছিল সুখৰ সংসাৰৰ সপোন। কিন্নৰ গৰাকীয়ে উৰ্পাজন কৰা সকলো টকা পইচা দিছিল ছাদ্দাম হুছেইনক। ইয়াৰ উপৰিও বিয়া কৰি লিংগও সলনি কৰোৱাইছিল ভণ্ড প্ৰতাৰক প্ৰেমিক ছাদ্দাম হুছেইনে। কিছুদিনৰ পৰা দুয়োৰে মাজত বিচ্ছিন্ন হৈ পৰে যোগাযোগ। কিন্নৰ গৰাকীয়ে যোগাযোগ কৰিব বিচাৰে যদিও পলায়ফুৰে প্ৰেমিক ছাদ্দামে। কিন্নৰ গৰাকীক ছাদ্দামে বিয়া পাতি কেৰালালৈ গৈ বহু দিন দুয়ো কৰিছিল ঘৰ সংসাৰ । এতিয়া গ্ৰহণ নকৰিব পলায় ফুৰিছে ছাদ্দামে কিন্নৰ দাবী হলে টকা ঘূৰাই দিয়ক নহলে গ্ৰহণ কৰক।
প্ৰতাৰিত, ৰাম ঠগন খোৱা কিন্নৰৰ তিনিজনীয়া এটি দল বুধবাৰে আহি উপস্থিত হয় আমবাগান আৰক্ষী চকীত। আৰক্ষীক লগত লৈ ছাদ্দাম ঘৰত উপস্থিত হয় কিন্নৰ সকল। ছাদ্দামক বিচাৰি নাপায় যদিও ছাদ্দামৰ ঘৰৰ লোকে অস্বিকাৰ কৰে তেওঁলোকৰ বিবাহৰ কথা। কিন্নৰ এটাই দাবী তেওঁৰ পৰা লোৱা সকলো টকা ঘূৰাই দিয়ক নহলে পত্নী হিচাপে গ্ৰহণ কৰক। অন্যথা আত্মহত্যাৰ কৰাৰ হুংকাৰ কিন্নৰ।