প্ৰধান মন্ত্ৰী আবাস যোজনাৰ নামত কেলেংকাৰী

প্ৰধান মন্ত্ৰী আবাস যোজনাৰ নামত কেলেংকাৰী


দৰং জিলাত প্ৰধান মন্ত্ৰী আবাস যোজনাৰ নামত বৃহৎ কেলেংকাৰীৰ অভিযোগ উত্থাপন হৈছে।

এই অভিযোগ দৰং জিলা আম আদমি দলৰ।

উল্লেখযোগ্য যে পূৱ মঙলদৈ উন্নয়ন খণ্ডৰ অন্তৰ্গত ওজাগাও গাওঁ পঞ্চায়তত প্ৰকৃত হিতাধিকাৰীক বঞ্চিত কৰি আন কাৰোবাৰ  নামত  প্ৰধান মন্ত্ৰী আবাস যোজনাৰ আৱন্তিত  ধন সুমাই দিয়াৰ অভিযোগ  উঠিছে।

ওজাগাও পঞ্চায়তৰ নুৰমহম্মদ  নামত প্ৰধান মন্ত্ৰী আবাস যোজনাৰ গৃহৰ নামত আৱন্তিত  ধন ৩২৫০০ টকা জালিয়াতিৰে  অন্য ব্যক্তিৰ একাউণ্ট সুমাই দিয়াৰ লগতে  ফকিৰ আলি,উমেহানি নামৰ হিতাধিকাৰী কেইগৰাকীৰো ঘৰৰ  ফটো ,জৱকাৰ্ড বেলেগ কাৰোবাৰ ব্যৱহাৰ কৰি ধন হৰলুকি কৰাৰ অভিযোগ আনে পঞ্চায়ত প্ৰতিনিধিৰ বিৰুদ্ধে ৷

জিলা খনৰ আন আন পঞ্চায়তো  এনে দুৰ্নীতি হোৱাৰ অভিযোগ আনি আম আদমি দলৰ দৰং জিলা সমিতিয়ে।

সভাত উপস্থিত থাকে আপৰ দৰং জিলা সমিতিৰ সভাপতি ধীৰাজ হীৰা, সম্পাদক ৰেজাউল কৰিম সহ বিষয় ববিয়া সকল উপস্থিত থাকে

By Dipshikha

Leave a Reply

Your email address will not be published. Required fields are marked *