প্ৰতি পুৱা সন্ধিয়া কামাখ্যা দৰ্শন কৰে কলিয়াবৰৰ ঢেকীয়াপতিয়াই

40

প্ৰতি পুৱা সন্ধিয়া কামাখ্যা দৰ্শন কৰে কলিয়াবৰৰ ঢেকীয়াপতিয়াই ।
কলিয়াবৰত অব্যাহত আছে ঢেকীয়াপতিয়া বাঘৰ মুক্ত বিচৰণ । আজি দুই তিনি মাহ ধৰি এটা প্ৰকাণ্ড ঢেকীয়াপতিয়া বাঘে মুক্ত ভাবে বিচৰণ কৰি আছে শিলঘাটৰ কলিয়াবৰ চাহ বাগিচাত । ৰাইজৰ পশুধন বনৰজাৰ চিকাৰ হৈছে যদিও এই পৰ্যন্ত বাঘটোৱে আক্ৰমণ কৰা নাই মানুহক । দিনৰ ভাগত বাগিচাৰ চাহ গছৰ মাজে মাজে বিচৰণ কৰি থাকিলেও সন্ধিয়া আৰু পুৱা ভাগত সাধাৰণতে কামাখ্যা দেৱালয়ৰ আশে পাশে বাঘটোক প্ৰায়ে প্ৰত্যক্ষ কৰা হয় । দূর্গাৰ বাহন হোৱা হেতুকে কামাখ্যা দেৱীক দৰ্শন কৰিবলৈ আহে বুলি ভক্ত প্ৰাণ ৰাইজে বিশ্বাস কৰে ।কামাখ্যা মন্দিৰৰ পূজাৰী তৰুণ বৰঠাকুৰেও অস্বীকাৰ কৰা নাই এই কথা । ঢেকীয়াপতিয়া বাঘটো কামাখ্যাক দৰ্শনৰ বাবে অহা ৰাইজৰ বাবে কোনো শংকাৰ কাৰণ নাই বুলি মন্তব্য কৰিছে পূজাৰী গৰাকীয়ে ।