প্ৰকৃততে মৈৰাবাৰী চিকিৎসালয়ত কি চলে?

প্ৰকৃততে মৈৰাবাৰী চিকিৎসালয়ত কি চলে?
ঘটনাৰ বিবৰণ মতে তাতিকটা পথাৰৰ ১নং ৱাৰ্ডৰ আশাকৰ্মী শ্বাফিয়া খাতুনে ৰাতি প্ৰায় ২মান বজাত এগৰাকী গৰ্ভৱতী মহিলাক প্ৰসব কৰাবলৈ মৈৰাবাৰী চিকিৎসালয়লৈ লৈ যায়|তাৰ পিছত কৰ্তব্যত থকা নগেন দিহিঙ্গীয়া ছাৰে গৰ্ভৱতী মহিলা গৰাকীৰ তেজ পৰীক্ষা কৰিবলৈ নথিপত্ৰসমূহ চাব বিচাৰে ।এইখিনি লৈকে ঠিকেই আছে ছাৰে কোৱামতে আশাকৰ্মী জনীয়ে ছাৰৰ ৰুমৰ টেবুলৰ ওপৰত ঢালি দিয়ে নথিপত্ৰ সমূহ পুনৰ ছাৰৰ টেবুলৰ ওপৰৰ পৰা নথিপত্ৰ সমুহ আৰু টেবুলৰ ওপৰত থকা ১৩০০টকা নিজৰ বুলি ভাবি পলিথিনত ভৰাই লয়।ইয়াৰ পিছত চিকিৎসকজনে যি কৰিলে সেয়া কেতিয়াও গ্ৰহণযোগ্য নহয়।এগৰাকী মহিলাক ৰাতি প্ৰায় ২ মান বজাত অশ্লীল গালি পাৰি ছেণ্ডেলেৰে কুবাম বুলি কৈ কাণত ধৰি উঠা বহা কৰোৱাই লগতে আঠুকঢ়াই থৈ দিয়ে মহিলা গৰাকীক।চিকিৎসকজনৰ শাৰিৰীক নিৰ্যাতনৰ বলি হৈ আশাকৰ্মী জনীয়ে মৈৰাবাৰী থানাত এজাহাৰ দাখিল কৰে লম্পট চিকিৎসাক নগেন দিহিঙ্গীয়াৰ বিৰুদ্ধে । নাৰীৰ নিৰাপত্তা আছে বুলি কৈ থকা হিমন্ত চৰকাৰৰ চকুত পৰিবনে এজন চিকিৎসকৰ ওচৰত নাৰীৰ নিৰাপত্তা নাই তেন্তে নাৰীৰ নিৰাপত্তা ক’ত?এনে চিকিৎসকৰ বিৰুদ্ধে কি ব্যৱস্থা গ্ৰহণ কৰে সেয়া সময়তহে হব লক্ষণীয়

By Dipshikha

Leave a Reply

Your email address will not be published. Required fields are marked *