সমাগত এতিয়া গণৰাজ্য দিৱস। জানিব পৰা মতে পূৰ্বতকৈ এইবাৰ কিছু পৃথক হ’ব গণৰাজ্য দিৱসৰ কাৰ্যসূচী।
এইবাৰ গণৰাজ্য দিৱস ৭ দিনকৈ অনুষ্ঠিত হ’ব ।উল্লেখযোগ্য যে ২৩ জানুৱাৰীৰ পৰা আৰম্ভ হ’বলগীয়া গণৰাজ্য দিৱসৰ কাৰ্যসূচী ৩০ জানুৱাৰীত অন্ত পৰিব।
প্ৰতিৰক্ষা মন্ত্ৰালয়ৰ পৰা এই কথা সদৰি কৰিছে।
এইবাৰ গণৰাজ্য দিৱসত ভি আই পিৰ আসনৰ সংখ্যা কিছু হ্ৰাস কৰা হৈছে বুলি জানিব পৰা গৈছে। গণৰাজ্য দিৱসৰ দিনটোত দিল্লীৰ কৰ্তব্য পথত একেবাৰে প্ৰথম শাৰীত বহাৰ সুযোগ লাভ কৰিব ৰিক্সা চালক, শাক-পাচলি বিক্ৰেতা আৰু শ্ৰমিকসকলে।