পূব মঙলদৈ উন্নয়ন খণ্ডৰ অৰাজকতা
দিনৰ ১১ বজালৈ কাৰ্যালয়ত নাই কোনো বিষয়া কৰ্মচাৰী। মাত্ৰ এগৰাকী কৰ্মচাৰী হে উপস্থিত কাৰ্যালয় খনত। পূৰ্বৰ পৰাই এনেধৰনৰ অভিযোগ উত্থাপিত হৈ আছিল যদিও আজি আমাৰ সাংবাদিক উপস্থিত হৈ একে অৱস্থা দেখা পায়। চৰকাৰৰ নীতি নিয়মক বুঢ়াআঙুলি দেখুৱাই চলাই গৈছে কাৰ্যালয়। খণ্ড বিষয়া কান্তা কাকতিৰো খবৰ নাই কার্যলায়লৈ। জিলা উপায়ুক্তৰ নিৰ্দেশক বুঢ়া আঙুলি । কাৰ্যালয়ত সময়মতে উপস্থিত নহয় বিষয়া কৰ্মচাৰী । কাৰ্যালয়খনৰ বিষয়া কৰ্মচাৰীৰ কৰ্ম- সংস্কৃতিয়ে চকু কপালত তুলিছে সচেতন মহলৰ । কাৰ্যালয়ত সময়মতে উপস্থিত নহয় কোনো বিষয়া কৰ্মচাৰী।
জিলা উপায়ুক্তৰ নিৰ্দেশনাক বুঢ়া আঙুলি দেখুৱাই নিজ খেয়াল খুচি মতে অহা যোৱা কৰে কাৰ্যালয়টোৰ কৰ্মচাৰী সকলে। আজি পুৱা ১১ বজালৈ মাত্ৰ ১জন কৰ্মচাৰী কাৰ্যালয়টোত দেখা গল যদিও খণ্ড উন্নয়ন বিষয়াকে আদি কৰি কোনো কৰ্মচাৰী উপস্থিত নাই কাৰ্যালয়ত। যাৰ বাবে বিভিন্ন কাম-কাজৰ বাবে কাৰ্যালয়লৈ অহা লোকসকলৰ ঘন্টাৰ পিছত ঘন্টা বহি থাকি ঘুৰি যাব লগীয়া হয় অহা বাটে । এই ক্ষেত্ৰত জিলা উপায়ুক্তই কি পদক্ষেপ গ্ৰহণ কৰে সেয়া হব লক্ষনীয় ।
