পূজা সমিতি সমূহলৈ ভাল খবৰ

দুৰ্গা পূজাৰ সময়ত ৰাজ্যৰ দুৰ্গা পূজা সমিতিসমূহলৈ ভাল খবৰ!

ৰাজ্যৰ অধিকাংশ পূজা সমিতিলৈ অসম চৰকাৰে প্ৰদান কৰিছে আৰ্থিক সাহাৰ্য।

কিছুদিন পূৰ্বে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই ঘোষণা কৰিছিল এই কথা।

ৰাজ্যৰ দুৰ্গা পূজা সমিতিসমূহক ১০ হাজাৰ টকাকৈ আৰ্থিক অনুদান আহবঢ়াব।

এই অনুসৰি এই ধন প্ৰদান কৰিছে।

ইতিমধ্যে ৰাজ্যৰ একাংশ সমিতিয়ে লাভ কৰিছে ধন।

কামৰূপ জিলাৰ ৮৫ খন দুৰ্গা পূজা সমিতিক চৰকাৰৰ ফালৰ পৰা চেক প্ৰদান কৰিছে মন্ত্ৰী চন্দ্ৰমোহন পাটোৱাৰীয়ে।

জিলা প্ৰশাসনৰ উদ্যোগত এই চেক বিতৰণ কাৰ্যসূচীত অংশ গ্ৰহণ কৰে মন্ত্ৰীগৰাকীয়ে।

By Dipshikha

Leave a Reply

Your email address will not be published. Required fields are marked *