পুৱতি নিশা ধুবুৰীৰ সাহেৱগঞ্জ বজাৰত ভয়ংকৰ অগ্নিকাণ্ড ঘটনা



পুৱতি নিশা ধুবুৰীৰ সাহেৱগঞ্জ বজাৰত ভয়ংকৰ অগ্নিকাণ্ড ঘটনা সংঘটিত হয়। জুইত জাহ যায় ৬ খনকৈ দোকান। উল্লেখযোগ্য যে প্ৰায় ৪০ লক্ষাধিক টকাৰ সা-সামগ্ৰী ভস্মীভূত হৈছে বুলি জানিব পৰা গৈছে।

জুইৰ লেলিহান শিখাই নিমিষতে ছাই কৰিলে এখন ফাৰ্মাচী, এখন গেলামাল দোকান, দুখনকৈ ফলৰ দোকান, এখন দৰ্জীৰ দোকান।

চৰ্ট চাৰ্কিটৰ ফলত অগ্নিকাণ্ডৰ সুত্ৰপাতৰ সন্দেহ।
পুৱতি নিশা সংঘটিত হয় এই অগ্নিকাণ্ডৰ ঘটনা।

ঘটনা স্থলীত উপস্থিত ধুবুৰী আৰু গোলকগঞ্জৰ অগ্নিনিৰ্বাপক বাহিনী। দুখনকৈ অগ্নি নিৰ্বাপক গাড়ীৰে জুই নুমুৱাবলৈ সক্ষম হয়।

By Dipshikha

Leave a Reply

Your email address will not be published. Required fields are marked *