পুনৰ বিপৰ্যয়ে প্ৰাণ ল’লে ৭ জনকৈ লোকৰ

পুনৰ বিপৰ্যয়ে প্ৰাণ ল’লে ৭ জনকৈ লোকৰ।
গুজৰাট আৰু মহাৰাষ্ট্রৰ উপকূলীয় অঞ্চলত ‘বিপৰ্য’য়ৰ তাণ্ডৱ লীলা।
জানিব পৰা মতে ১৫০ কিঃমিঃতকৈও অধিক গতিবেগ ধাৰণ কৰিব বিপৰ্যয়ে।
বিপৰ্যয়ৰ সৈতে মোকাবিলা কৰিবলৈ এতিয়া ৮ হাজাৰ কোটি টকাৰ আঁচনি সাজু কৰিছে কেন্দ্ৰ চৰকাৰে।
উল্লেখযোগ্য যে এই বিপৰ্যয়ত আটাইতকৈ বেছি ক্ষতিগ্ৰস্ত হ’ব গুজৰাট আৰু মহাৰাষ্ট্র।এই ভয়াবহ
বিপৰ্যয়ক লৈ ভাৰতীয় বতৰ বিজ্ঞান কেন্দ্ৰৰ সতৰ্কতা জাৰি কৰিছে।
ইতিমধ্যে মুম্বাই, থানেত সংহাৰী ৰূপ লৈছে এই বিপৰ্যয়ে ।
১৫ জুনত ঘূৰ্ণিজাক গুজৰাটৰ কচ্ছত আছাৰ খাই পৰাৰ সম্ভাৱনা আছে বুলি সদৰী কৰিছে বতৰ বিজ্ঞান কেন্দ্ৰই।
সেইসময়ত ঘূৰ্ণিজাকৰ গতিবেগ ঘণ্টাত ১০০ৰ পৰা ১৫০ কিঃমিঃ হোৱাৰ আশংকা কৰা হৈছে।
গুজৰাটৰ কেইবাটাও অঞ্চলত ১৫ জুনলৈ ধাৰাষাৰ বৰষুণৰ আগজাননী দিছে বতৰ বিজ্ঞান কেন্দ্ৰই।
ইতিমধ্যেই গুজৰাট, মুম্বাইত প্ৰচণ্ড ধুমুহা-বৰষুণত প্ৰাণ হেৰুৱাইছে ৫ জনকৈ লোকে।
জানিব পৰা মতে সুৰক্ষিত স্থানলৈ স্থানান্তৰ কৰা হৈছে গুজৰাটৰ উপকূলীয় এলেকাৰ লোকসকলক ।
এতিয়ালৈ ৭৫০০ লোকক সুৰক্ষিত স্থানলৈ লৈ যোৱা হৈছে বুলি জানিব পৰা গৈছে।
উপকূলীয় গুজৰাট, কেৰালা, কৰ্ণাটক, মহাৰাষ্ট্ৰ আৰু লাক্ষাদ্বীপৰ মাছমৰীয়াক সাগৰলৈ নাযাবলৈ আহ্বান জনাইছে বতৰ বিজ্ঞান কেন্দ্ৰই।
সাম্ভাৱ্য পৰিস্থিতিৰ সৈতে মোকাবিলা কৰিবলৈ সাজু কৰি ৰখা হৈছে NDRF, SDRF বাহিনীও।
ঘূৰ্ণি ‘বিপৰ্যয়’ৰ বাবে বাতিল কৰা হৈছে শতাধিক ৰে’লৰ চলাচলো।

By Dipshikha

Leave a Reply

Your email address will not be published. Required fields are marked *