পুনৰ বিতৰ্কৰ মাজত শংকৰদেৱ সংঘ


তোলনি বিয়াৰ ভোজৰ বাবে হ’ল এঘৰীয়া
পুনৰ বিতৰ্কত শংকৰ সংঘ


ইটোৰ পিছত সিটো বিতৰ্কত সোমাই পৰিছে শংকৰ সংঘ।শ্ৰীমন্ত শংকৰদেৱ সংঘৰ বিৰুদ্ধে এইবাৰ অন্য এক অভিযোগ।
তোলনি বিয়া সম্পন্ন কৰি এমাহৰ পিছত ভোজ দিয়াক লৈ এটা পৰিয়ালক এঘৰীয়া।
যোৰহাটৰ এগৰাকী বৃদ্ধা আৰু এটি পৰিয়ালক মানসিকভাৱে হাৰাশাস্তিৰ অভিযোগ।
শংকৰ সংঘৰ এখন প্ৰাথমিক আৰু আঞ্চলিকৰ বিষয়ববীয়াৰ বিৰুদ্ধে ক্ষোভ।
যোৰহাট কেন্দুগুৰিৰ গৌতম বৰুৱাৰ কন্যাৰ তোলনি বিয়াক এঘৰীয়া কৰে সংঘই।
সংঘৰ নিয়মানুযায়ী তোলনি বিয়া সম্পন্ন কৰি এমাহৰ পিছত ভোজ দিছিল পৰিয়ালটোৱে।
বিবাহ ভৱনত বন্ধুবৰ্গ, আত্মীয়ৰ বাবে আমিষ অভ্যৰ্থনাৰ আয়োজন কৰিছিল গৌতম বৰুৱাই।
সংঘৰ নিয়মৰ বাবেই অভ্যৰ্থনালৈ অহা নাছিল গৌতম বৰুৱাৰ মাতৃ, পৰিয়ালৰ আন লোক।
যোৰহাট অধিৱেশনতো ভাগ লোৱাৰ পৰা পৰিয়ালটোক বঞ্চিত কৰাত ক্ষোভ।
সংঘৰ পদক্ষেপত ভাগি পৰিছে গৌতম বৰুৱাৰ পিতৃ ৰাণু বৰুৱা।
শংকৰ সংঘৰ বিৰুদ্ধে আইনী ব্যৱস্থা লোৱাৰ সিদ্ধান্ত যোৰহাটৰ পৰিয়ালৰ।

By Dipshikha

Leave a Reply

Your email address will not be published. Required fields are marked *