পুনৰ বহিঃৰাজ্যত অসমৰ যুৱকক হত্যাৰ অভিযোগ। কোচবিহাৰত উদ্ধাৰ গুৱাহাটীৰ বোন্দাৰ যুৱকৰ মৃতদেহ। মৃত যুৱকজনৰ নাম অক্ষয় শৰণীয়া । অক্ষয় দুবছৰ ধৰি তামিলনাডুৰ এটা ব্যক্তিগত কোম্পানীত কৰ্মৰত আছিল। কোচবিহাৰৰ আকাশ সৰকাৰে অক্ষয়ক হত্যা কৰাৰ অভিযোগ পৰিয়ালৰ । ৩১ অক্টোবৰত বন্ধু আকাশ সৰকাৰৰ সৈতে ঘৰলৈ আহিছিল অক্ষয়। আকাশৰ অনুৰোধত অক্ষয়ে কোচবিহাৰত নামি বন্ধুৰ ঘৰলৈ যায়। বন্ধু আকাশে অক্ষয়ৰ মৃত্যুৰ খবৰ দিয়ে পৰিয়ালক। হাতীয়ে গচকি নিহত কৰে বুলি জনায় আকাশে।
