নগাঁৱৰ লাওঁখোৱাৰ ২ নং ভূৰবন্ধাত নিশা বন্যহস্তীৰ উপদ্ৰৱ ।
বন্যহস্তীৰ জাকে ভাঙি লণ্ড-ভণ্ড কৰিলে প্ৰবীণ ৰয় নামৰ এজন লোকৰ দুটাকৈ বাসগৃহ।
লোকজনৰ ভৰালত থকা ধান খাই তহিলং কৰে হাতীৰ জাকটোৱে।
বুঢ়াচাপৰি আৰু লাওখোৱা অভয়াৰণ্যৰ পৰা ওলাই অহা বন্যহস্তীৰ জাকটোৱে খাই তহিলং কৰিলে বিঘাই বিঘাই পাচলি খেতিও।
খাদ্যৰ সন্ধানত বনাঞ্চল এৰি জনাঞ্চললৈ প্ৰৱেশ কৰে ১৪-১৫ জনীয়া এটি হাতীৰ জাক।
নিশাই স্থানীয় ৰাইজে বন বিভাগৰ লোকৰ সৈতে যোগাযোগ কৰে যদিও গুৰুত্ব নিদিয়াৰ অভিযোগ বন বিভাগৰ বিৰুদ্ধে।