পুনৰ নাওঁ দুৰ্ঘটনা

69

শিৱসাগৰৰ দিচাংমুখৰ নামনি গড়ডগা অঞ্চলত পুৱাই সংঘটিত হয় এক নাও দুৰ্ঘটনা। এই দুৰ্ঘটনাৰ ফলত নাওখনত থকা এজন যুৱক এতিয়াও সন্ধানহীন হৈ আছে। সন্ধানহীন লোকজনৰ নাম প্ৰমেশ সাহানি।আনহাতে কথমপি প্ৰাণ ৰক্ষা পৰিছে তিনিজনকৈ লোকৰ। জানিব পৰামতে হাতীশালৰ পৰা নাও লৈ চাৰিজনীয়া দলটো শিৱসাগৰ নিতাইপুখুৰীলৈ আহি থকাৰ সময়তে এই নাও দুৰ্ঘটনা সংঘটিত হয়৷