পুনৰ একচন আৰম্ভ বেদখলকাৰীৰ বিৰুদ্ধে

জুৰীয়াৰ কাবৈমাৰীত বেদখলকাৰীৰ বিৰুদ্ধে একচন আৰম্ভ ৰাজহ চক্ৰ বিষয়াৰ ।একে দিনাই কেইবাটাও অবৈধ ফিচাৰীৰ পাৰ ভাঙি পানী যোৱাৰ সুবিধা কৰি দিলে চক্ৰ বিষয়াই।জুৰীয়াৰ কাবৈমাৰীত বেদখলকাৰীৰ বিৰুদ্ধে ৰাইজৰ প্ৰতিবাদ কৰাৰ পিছতে ৰুপহী চক্ৰ বিষয়াই ঘটনা স্থলীত লাট মণ্ডল নুৰজ্জামান চৰকাৰক পঠিয়াই।লাট মণ্ডল নুৰজ্জামান চৰকাৰৰ উপস্থিতত একে দিনাই কেইবাটাও অবৈধ ফিচাৰীৰ পাৰ ভাঙি পানী যোৱাৰ সুবিধা কৰি দিলে।চৰকাৰী নলা বন্ধ কৰি বেদখলকাৰীয়ে বনাইছিল ডাঙৰ ডাঙৰ ফিচাৰী।ফিচাৰীৰ মালিকে কালভাৰ্ড সমূহ বন্ধ কৰি ফিচাৰী বনোৱাৰ অভিয়োগ ৷
প্ৰতিবাদকাৰী সকলে অতি শীৰ্ঘ্ৰেই কালভাৰ্ড সমূহ খুলি পানী চলাচল কৰিবৰ ব্যৱস্থাৰ দাবী জনাই ৷

By Dipshikha

Leave a Reply

Your email address will not be published. Required fields are marked *