প্ৰতিবাদত উত্তাল হৈ পৰিছে ডিব্ৰুগড়- তিনিচুকীয়া ।জনজাতিকৰণৰ দাবীত উত্তাল প্ৰতিবাদ সাব্যস্ত হৈছে তিনিচুকীয়া আৰু ডিব্ৰুগড় জিলাত। বছৰ বছৰ ধৰি অসমৰ ৬ জনগোষ্ঠীৰ লোকসকলে জনজাতিকৰণৰ দাবী উত্থাপন কৰি আহিছে যদিও সেই দাবী এতিয়ালৈ চৰকাৰে মানি লোৱা নাই। কিন্তু শেহতীয়াকৈ এগৰাকী মন্ত্ৰীয়ে কৰা দায়িত্বহীন মন্তব্যৰ পাছতেই পুনৰ আৰম্ভ হৈছে প্ৰতিবাদ।বছৰ বছৰ ধৰি অসমৰ ৬ জনগোষ্ঠীৰ জনজাতিকৰণৰ দাবীত ৰাজ্যত প্ৰতিবাদ সাব্যস্ত হৈ আহিছে। কিন্তু শেহতীয়াকৈ কেন্দ্ৰীয় জনজাতি পৰিক্ৰমা মন্ত্ৰী জুৱেল ওৰামৰ এক মন্তব্যৰ পাছতেই দুইখন জিলাত আৰম্ভ হৈছে প্ৰতিবাদ। শনিবাৰে মন্ত্ৰীগৰাকীয়ে কয় যে, বিষয়টো এতিয়াও বিবেচনাহীন হৈ আছে। মন্ত্ৰী গৰাকীয়ে এই গা এৰা দিয়া মন্তব্যৰ পাছতেই এতিয়া ক্ষোভত জ্বলি উঠিছে ৬ জনগোষ্ঠীৰলোক।জিলা কেইখনৰ বিভিন্ন প্ৰান্তত পুত্তালিকা দাহ, পথ অৱৰোধ কৰি প্ৰতিবাদকাৰীসকলে নিজৰ দাবী উত্থাপন কৰিছে। ইয়াৰোপৰি গণতান্ত্ৰিক প্ৰতিবাদ কৰাত আৰক্ষীয়ে বাধা দিলে হাজাৰ হাজাৰ যুৱকে সশস্ত্ৰ সংগ্ৰাম কৰিবলৈ সাজু বুলি সকীয়াই দিয়ে প্ৰতিবাদকাৰীসকলে।