পুনৰ আলফা স্বাধীনৰ শিবিৰত মৃত্যুদণ্ড যুৱকৰ

পুনৰ আলফা স্বাধীনৰ শিৱিৰত মৃত্যুদণ্ড এজন যুৱকৰ।যুৱকজন কামপুৰ ৰপটিয়াপামৰ তন্ময় বৰা বুলি জনা গৈছে। উল্লেখ্য যে, ২০২২চনৰ মাৰ্চ মাহৰ ১৮ মাৰ্চত কামপুৰৰ আন ২জন বন্ধুৰ লগত আলফালৈ যোৱাৰ সন্দেহ কৰিছিল পৰিয়ালৰ লোকে। সেই সময়ত আটাইকেইজন যুৱক ম্যানমাৰ শিবিৰত যোগদান কৰাৰো সন্দেহ কৰিছিল পৰিয়ালৰ লোকে।৩যুৱকক্ৰমে কামপুৰ পটীয়াপামৰ প্ৰবিন বৰা আৰু ৰীণা বৰাৰ কনিষ্ঠ পুত্ৰ তন্ময় বৰা, কামপুৰ বনপালি গাঁৱৰ যুৱক দীপাংকৰ গোৱালা আৰু নতুন আদৰ্শ গাঁৱৰ সুভাষ হীৰা। সুভাষ হীৰা ঘৰৰ একমাত্ৰ সন্তান আছিল। দুটা বছৰৰ পিছত তন্ময় বৰাক আলফাৰ শিৱিৰত মৃত্যুদণ্ড দিয়াৰ বুলি প্ৰচাৰিত বাতৰিত যুৱক ৩জনৰ পৰিয়ালৰ উৎকণ্ঠা বৃদ্ধি পোৱাৰ লগে লগে পৰিয়াল কেইটা আৰু সমগ্ৰ অঞ্চলটোৰ মাজত শোঁকাকুল পৰিৱেশে বিৰাজ কৰিছে।

By Dipshikha

Leave a Reply

Your email address will not be published. Required fields are marked *