পায়েল কাপাড়িয়াৰ “All We Imagine as Light” এ জিকিলে গ্ৰেণ্ড প্ৰিক্স বঁটা

72

২০২৪ৰ কাঁ চলচ্চিত্ৰ মহোৎসৱত জিলিকি উঠে ভাৰতৰ তিনিখনকৈ ছবি। পায়েল কাপাড়িয়াৰ “পায়েল কাপাড়িয়াৰ “All We Imagine as Light”, এফটিআইআইৰ ছাত্ৰ চিদানন্দ এছ নায়েকৰ “Sunflowers Were the First Ones to Know” আৰু অনচুয়া সেনগুপ্তাৰ “The Shameless” বিভিন্ন শ্ৰেণীত পুৰস্কৃত হয়। যিটো ভাৰতীয় ছবি জগতৰ বাবে ভাল খবৰ। শেহতীয়াকৈ সমাপ্ত হোৱা কাঁ চলচ্চিত্ৰ মহোৎসৱৰ ৭৭ তম সংস্কৰণটো নিঃসন্দেহে দেশৰ বাবে সৰ্বশ্ৰেষ্ঠ আছিল য’ত আঠখন ভাৰতীয় বা ভাৰত ভিত্তিক চলচ্চিত্ৰই বঁটা প্ৰতিযোগিতাত স্থান লাভ কৰিছিল। ফিল্ম এণ্ড টেলিভিছন ইনষ্টিটিউট অৱ ইণ্ডিয়াৰ (এফটিআইআই) প্ৰাক্তন ছাত্ৰ কাপাড়িয়াই “অল উই ইমাজিন এজ লাইট”ৰ বাবে গ্ৰেণ্ড প্ৰিক্স বঁটা লাভ কৰা প্ৰথম ভাৰতীয় চলচ্চিত্ৰ নিৰ্মাতা হিচাপে ইতিহাস সৃষ্টি কৰে। তেওঁ এই সফলতা সন্দৰ্ভত কয় যে এইটো আমাৰ বাবে এটা ডাঙৰ সাফল্য যে আমি ৩০ বছৰৰ পিছত আমাৰ দেশৰ বাবে এই বঁটা অৰ্জন কৰিছো। সকলোৰে পৰা পোৱা অপৰিসীম প্ৰশংসাৰ বাবে মই বহুত কৃতজ্ঞ। এই উৎসাহে মোক অধিক পৰিশ্ৰম কৰিবলৈ অনুপ্ৰাণিত কৰিব।কাপাড়িয়াৰ প্ৰথম ফিচাৰ ছবি “অল উই ইমাজিন এজ লাইট” হৈছে ৩০ বছৰত মুখ্য প্ৰতিযোগিতাত দেখুওৱা ভাৰতৰ প্ৰথমখন চলচ্চিত্ৰ আৰু এগৰাকী ভাৰতীয় মহিলা পৰিচালকৰ দ্বাৰা প্ৰথম খন চলচ্চিত্ৰ। ইয়াৰ পূৰ্বে, মূল প্ৰতিযোগিতাখনত শ্বাজী এন কৰুণৰ স্বাহম (১৯৯৪) প্ৰদৰ্শিত হৈছিল।