পানীখাইতি ৰে’লগেটত চন্দ্ৰপুৰ আঞ্চলিক ছাত্র সন্থাৰ বিক্ষোভ কাৰ্যসূচী



পানীখাইতি ৰে’লগেটত চন্দ্ৰপুৰ আঞ্চলিক ছাত্র সন্থাৰ বিক্ষোভ কাৰ্যসূচী। মহানগৰীৰ নাৰেংগী-চন্দ্ৰপুৰ-মৰিগাঁও সংযোগী ৩নং ৰাজ্যিক ঘাইপথৰ পানীখাইতিৰ দ্বৈত ৰে’লৱে লেভেল ক্ৰছিংত উৰণীয়া সেঁতু নিৰ্মাণৰ আধাৰশিলা স্থাপন ইতিমধ্যে হয়ছে যদিও আজিকোপতি কোনো ধৰণৰ কাম আগবঢ়া নাই। বিগত বৰ্ষৰ অক্টোবৰ মাহত স্থানীয় বিধায়ক অতুল বৰাই লোক নিৰ্মান বিভাগৰ আয়ুক্ত ৰাজেশ কেম্প্ৰাইৰ উপস্থিতিত উৰণীয়া সেতু খনৰ নিৰ্মানৰ আধাৰশিলা স্থাপন কৰিছিল। কিন্তু আজিলৈ ১ শতাংশও কাম আৰম্ভ নকৰিলে ফলত ৰে’ল লাইনটোৰে ৰে’ল পাৰ হোৱা সময়ত বহু সময় ধৰি যানজটত দুৰ্ভোগ ভুগিব লগীয়া হয় পথটোৰে অহাযোৱা কৰা আটাইবোৰ যান-বাহন। ফলত অতিশীঘ্ৰে পানীখাইতি ৰে’লৱে দ্বৈত লেভেল ক্ৰছিংত উৰণীয়া সেঁতু নিৰ্মাণৰ দাবীত চন্দ্ৰপুৰ আঞ্চলিক ছাত্ৰ সন্থাই বিক্ষোভ কাৰ্যসূচী ৰূপায়ন কৰে। ছাত্র সন্থাৰ কর্মী সকলে হাতে হাতে বিভিন্ন দাবী সম্বলিত বেনাৰ, ফেষ্টোন লয় বিক্ষোভ কাৰ্যসূচী ৰূপায়ন কৰে। প্ৰতিবাদকাৰী সকলে বিধায়ক অতুল বৰা মূর্দাবাদ ধ্বনিৰে উত্তাল কৰি তোলে পৰিৱেশ

By Dipshikha

Leave a Reply

Your email address will not be published. Required fields are marked *