পশ্চিম দৰঙৰ অন্যতম বৈৰাগীঝাৰ বনাঞ্চল বেদখল মুক্তকৰাৰ পপদক্ষেপ চৰকাৰৰ

পশ্চিম দৰঙৰ অন্যতম বৈৰাগীঝাৰ বনাঞ্চল বেদখল মুক্তকৰাৰ পপদক্ষেপ চৰকাৰৰ।পশ্চিম দৰঙৰ অন্যতম প্ৰায় ৪২০ বিঘা বনাঞ্চল তথা পতিতভূমি ধ্বংশ তথা বেদখলৰ কৱলত।
ক্ৰমাগত ভাৱে বেদখল আৰু ধ্বংসৰ গৰাহত নিশেষ হবলৈ ধৰা বনাঞ্চল খন পুনৰোদ্ধাৰ কৰিবলৈ অগ্ৰসৰ হৈছে।
ছিপাঝাৰ সমষ্টিৰ বিধায়ক পৰমানন্দ ৰাজবংশী, অসম চৰকাৰৰ মন্ত্ৰী চন্দ্ৰমোহন পাটোৱাৰী, দৰঙৰ উপায়ুক্ত আৰু বনবিভাগৰ তৎপৰতাত বেদখলমুক্ত কৰি কেন্দ্ৰ আৰু ৰাজ্য চৰকাৰৰ দ্বাৰা পুনৰাই সেউজ বনাঞ্চল গঢ়িতোলাৰ আচঁনি হাতত লৈছে। এচাম বক্তিয়ে নিশেষ কৰা বৈৰগীঝাৰ বনাঞ্চলত বনবিভাগৰ উচ্চপদস্থ বিষয়া, ৰাজহচক্ৰৰ মণ্ডল-কানানগুয় পুনৰুদ্ধাৰৰবাবে জিপিএছৰ জৰিয়তে সীমা নিদ্ধাৰণ কৰে। প্ৰকৃতিৰ ধ্বংসপাপ্ত এই সেউজ বনাঞ্চলখন পুনৰায় সেউজ ৰূপত গঢ়ি তোলাৰ প্ৰয়াসক প্ৰকৃতি‌ প্ৰেমী গৌৰী শংকৰ কলিতা তথা সচেতন ৰাইজে আদৰণি জনোৱা পৰিলক্ষিত হৈছে।

By Dipshikha

Leave a Reply

Your email address will not be published. Required fields are marked *