দুঃসংবাদ,পথ দুৰ্ঘটনাত আৰক্ষী বিষয়া জোনমণি ৰাভাৰ মৃত্যু হয়।জখলাবন্ধা সৰুভগীয়াত ভয়ংকৰ পথ দুৰ্ঘটনাত SI জোনমণি ৰাভাৰ কৰুণ মৃত্যু হয়। উল্লেখযোগ্য যে কণ্টেইনাৰ ট্ৰাকৰ সৈতে মুখামুখি সংঘৰ্ষ হয় জোনমণি ৰাভাৰ মাৰুতি বাহনৰ।
জোনমণি ৰাভাই AS 01 EN 7273 নম্বৰৰ নিজৰ মাৰুতী কাৰখন চলাই নিশা উজনিলৈ গৈ থকাৰ সময়তে সংঘটিত হয় দুৰ্ঘটনাটো। নিয়ন্ত্ৰণ হেৰুৱাই বিপৰীত দিশৰ পৰা আহি থকা তীব্ৰবেগী UP 78 UT 4518 নম্বৰৰ কণ্টেইনাৰ ট্ৰাকত খুন্দা মাৰে জোনমণিৰ বাহনখনে। নিশা প্ৰায় ২ বজাত সংঘটিত হয় দুৰ্ঘটনাটো। ঘটনাস্থলীত জখলাবন্ধা আৰক্ষী উপস্থিত হৈ জোনমণি ৰাভাৰ মৃতদেহ জখলাবন্ধা অসামৰিক চিকিৎসালয়লৈ লৈ যায় জোনমণি ৰাভাৰ মৃতদেহ মৰণোত্তৰ পৰীক্ষাৰ বাবে নগাঁৱলৈ প্ৰেৰণ কৰা হৈছে।
