শিৱসাগৰ জিলাত বিগত কেইবাদিনৰ পৰা হৈ থকা ধাৰাবাহিক বৰষণুৰ ফলত মূল নদী ব্ৰহ্মপুত্ৰৰ লগতে উপনদী সমূহৰ জলপৃষ্ঠ ব্যাপক হাৰত বৃদ্ধি পাইছে। জিলাখনত ব্ৰহ্মপুত্ৰ নদীৰ লগতে দিহিং,দিচাং,দিখৌ আদি নদীৰ জলপৃষ্ঠ তীব্ৰ গতিত বৃদ্ধি পাব ধৰিছে।বৰ্ধিত জলস্তৰৰ ফলত নৈপৰীয়া বিভিন্ন অঞ্চলত বাঢ়নী পানীয়ে বানৰ ভাবুকি কঢ়িয়াই আনিছে। নিশা ৮ বজালৈ ৰেকৰ্ড কৰা তথ্য অনুসৰি জিলাখনৰ ব্ৰহ্মপুত্ৰ নদী দিচাংমুখ অঞ্চলত বিপদ সীমাৰ ৯২.৩৪ মিটাৰ ওপৰেৰে পানী বৈ থকাৰ বিপৰীতে নিমাতিঘাটত ব্ৰহ্মপুত্ৰ নদীৰ জলস্তৰে ৩৩ বছৰৰ অভিলেখ ভংগ কৰিছে।