নিলখত উদণ্ড বাইকাৰৰ খুন্দাত থিতাতে নিহত এজন লোক

নিলখত উদণ্ড বাইকাৰৰ খুন্দাত থিতাতে নিহত এজন লোক ।আজি মৰণোত্তৰ পৰীক্ষাৰ বাবে প্ৰেৰণ মৃতদেহ । ধেমাজি জিলাৰ চিচিবৰগাঁও ৰাজহ চক্ৰৰ অধীনৰ নিলখ পালেঙীত কালি নিশা সংঘটিত হয় এক ভয়ংকৰ পথ দূৰ্ঘটনা । দুই উদণ্ড বাইকাৰৰ মটৰচাইকেলৰ খুন্দাত থিতাতে নিহত হয় মথাদাং গাঁৱৰ হাৰিচন্দ্ৰ ফুকন ওৰফে কংস নামৰ এগৰাকী পঞ্চাশ বছৰীয়া লোক । জানিব পৰা অনুসৰি যোৱানিশা প্ৰায় সাত মান বজাত হাৰিচন্দ্ৰ ফুকন নামৰ লোকজন তামোল আনিবলৈ বুলি নিজৰ বাইচাইকেলখনেৰে ওলাই গৈ ঘৰলৈ আহি থকা পথতে পালেঙীত বিপৰীত দিশৰ পৰা তীব্ৰ বেগত আহি থকা এখন নম্বৰপ্লেট বিহীন তথা লাইট নথকা কৰিজমা মটৰচাইকেলেৰে প্ৰচণ্ড জোৰত খুন্দা মৰাৰ ফলত থিতাতে মৃত্যু ঘটে লোকজনৰ । আনহাতে দূৰ্ঘটনা সংঘটিত কৰি পলাই যায় উদণ্ড বাইকাৰ দুটা । নিশাই ঘটনাস্থলীত চিচিবৰগাঁও আৰক্ষী উপস্থিত হৈ মৃতদেহ আৰক্ষী চকীলৈ আনে আৰু আজি মৰণোত্তৰ পৰীক্ষাৰ বাবে ধেমাজি অসামৰিক চিকিৎসালয়লৈ প্ৰেৰণ কৰিছে । বাইকাৰ দুটা পালেঙী গাঁৱৰে দেৱজিত গগৈ আৰু দিপু চুতীয়া বুলি জানিব পৰা গৈছে । উদণ্ড বাইকাৰ দুটাক কৰায়ত্ব কৰি উচিত শাস্তি প্ৰদান কৰিবলৈ আজি সংবাদ মাধ্যমৰ জৰিয়তে প্ৰশাসনক আহ্বান জনাইছে স্থানীয় ৰাইজে ।

By Dipshikha

Leave a Reply

Your email address will not be published. Required fields are marked *