নিজ ভূমিতে চূড়ান্ত অপমান অসমীয়াৰ আবেগ অনুভুতি স্বাভিমানি গামোচা, ঢোল

নিজ ভূমিতে চূড়ান্ত অপমান অসমীয়াৰ আবেগ অনুভুতি স্বাভিমানি গামোচা, ঢোল ।
চিলাপথাৰত অসমীয়া গামোচা ঢোল জ্বলাই দিলে একাংশই। থানাত গোচৰ।ব’হাগৰ আনন্দৰ মাজতে ধেমাজিৰ চিলাপথাৰত অসমীয়াৰ স্বাভিমানি গামোচা, ঢোলক অপমান একাংশ উদণ্ড যুৱকৰ। যাক লৈ তীব্ৰ প্ৰতিক্ৰিয়া সৃষ্টি হৈছে চিলাপথাৰত। চিলাপথাৰৰ কেন্দুগুৰি গাওঁৰ বিতুল চেতিয়া নামৰ যুৱকজনে লগৰীয়াৰ সৈতে বিহু মাৰিবলৈ নোজোৱাৰ বাবেই পুৱাই বিতুলৰ ঘৰত উদণ্ড ৰূপত নৱ চাংমাই, লক্ষী চুতীয়া, অনন্ত নামৰ কেইবাজনো যুৱকে অনাধিকাৰ গৃহত উপস্থিত হৈ কোনো কথা বতৰা নকৈয়ে অসমীয়াৰ স্বাভিমানি ফূলাম গামোচা, ঢোলত পেট্ৰল ডালি জ্বলাই দিয়ে। এনে কাণ্ডত মৰ্মাহত হৈ পৰিছে বিতুলৰ লগতে অঞ্চলবাসী ৰাইজ। অসমীয়াৰ আবেগ অনুভুতি থকা ফুলাম গামোচা, ঢোল জ্বলাই দিয়া মানে সম্পূৰ্ণ অসমীয়া জাতিৰ হ্ৰদপিণ্ডত আঘাত অনা হৈছে । এনে কাৰ্য কেতিয়াও গ্ৰহন যোগ্য নহয়। যদি কোনো অনা অসমীয়া লোক বা বাঙালি বিহাৰী মাৰোৱাৰী হ’ল হেঁতেন তেন্তে এতিয়া কি পৰিস্থিতি হ’ল হয় বুলি প্ৰশ্ন কৰিছে ৰাইজে।
শীঘ্ৰেই ন্যায় প্ৰদান কৰিবলৈ অসমীয়া ৰাইজৰ ওপৰত বিষয়টো এৰি দিছে পৰিয়ালটোৱে ।
ইতিমধ্যেই ভুক্তভোগীয়ে চিলাপথাৰ থানাত গোচৰ দাখিল কৰিছে।

By Dipshikha

Leave a Reply

Your email address will not be published. Required fields are marked *