নাগালেণ্ড সীমান্তৰ লাহৰিজান টিলা বস্থিৰ নিৰ্মল কুমাৰ চাহ বাগিচাত এজন যুৱকৰ মৃতদেহ উদ্ধাৰ

অসম নাগালেণ্ড সীমান্তৰ লাহৰিজান টিলা বস্থিৰ নিৰ্মল কুমাৰ চাহ বাগিচাত এজন যুৱকৰ মৃতদেহ উদ্ধাৰ।আজি পুৱা মৃতদেহটো উদ্ধাৰ কৰে খটখটি আৰক্ষীয়ে।জানিব পৰা অনুসৰি আনুমানিক প্ৰায় 28 বছৰীয়া যুৱকজনক মৃত অৱস্থাত পৰি থকা দেখা পাই পুৱা স্থানীয় লোকে আৰক্ষীক খবৰ দিয়ে আৰু পৰিবৰ্তী সময়ত খটখটি আৰক্ষী আৰু দণ্ডাধীস উপস্থিত হৈ মৃতদেহটো উদ্ধাৰ কৰি মৰণোত্তৰ পৰীক্ষাৰ বাবে ডিফুলৈ প্ৰেৰণ কৰে।যুৱকজন ড্ৰাগছ আসক্ত আৰু অধিক মাত্ৰ ড্ৰাগছ সেৱন কৰাৰ ফলতেই মৃত্যু হোৱা বুলি স্থানীয়লোক আৰু আৰক্ষীয়ে সন্দেহ প্ৰকাশ কৰিছে।
মৃত যুৱক জন ডিমাপুৰ পুৰণা বজাৰৰ মুকচি আলী 28 বুলি পৰিয়ালৰ লোকে চিনাক্তকৰণ কৰিছে।

By Dipshikha

Leave a Reply

Your email address will not be published. Required fields are marked *